/asomiyapratidin/media/media_files/2026/02/25/dddd-2026-02-25-19-33-16.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ অসমৰ আৰ্দ্ৰভূমিসমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ জৰিয়তে জলধাৰণ ক্ষমতা বৃদ্ধি আৰু বান-খহনীয়াৰ আশংকা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৈয়াৰ কৰা এক আঁচনিৰ আধীনত বোকাখাত সমজিলাৰ কুৰুৱাবাহীৰ দুখনকৈ বিল স্থানীয় ৰাইজৰ কোনো ধৰণৰ মতামত গ্ৰহণ আৰু ৰাজহুৱা শুনানিৰ ব্যৱস্থা নকৰাকৈ খনন কৰিবলৈ লোৱা কাৰ্যত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জলসম্পদ বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ধনশিৰি নদীৰ এৰা সুঁতি এই কলাবৰীয়া আৰু মেৰবিল দুখনক খনন কৰি ইয়াৰ জলধাৰণ ক্ষমতা বৃদ্ধি কৰি ধনশিৰি নদীৰ বানপানী আৰু খহনীয়া হ্ৰাস কৰিবৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। কিন্তু ধনশিৰি নদীৰ সমিপতে অৱস্থিত এই দুয়োখন বিল খনন কৰি জলধাৰণ ক্ষমতা বৃদ্ধি আৰু খহনীয়া প্ৰতিৰোধ কৰিবলৈ যাওঁতে হিতে বিপৰিত হোৱাৰ আশংকা কৰিছে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলবাসীয়ে। কাৰণ প্ৰস্তাৱিত মেৰবিল আৰু কলাবৰীয়া বিলৰ নিচেই কাষেৰে বৈ গৈছে অত্যন্ত খহনীয়া প্ৰৱণ ধনশিৰি নদী।
বিশেষকৈ মেৰ-কলাবৰীয়া বিলদুখনৰ বোকাখাত সমজিলাৰ বিহৰা ১২ নম্বৰৰ সমিপৰ অংশটোৰ পৰা মাত্ৰ ১৫০ ৰ পৰা ২০০ মিটাৰ সমিপেৰে বৈ গৈছে নদীখন আৰু উক্ত ঠাইত বিগত বহু বছৰ ধৰি অব্যাহত আছে তীব্ৰ খহনীয়া আৰু খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কোনো ব্যৱস্থা কৰা নাই সংশ্লিষ্ট বিভাগে, বৰঞ্চ উক্ত ঠাইত খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক লুণ্ঠনহে চলাই আছে সংশ্লিষ্ট বিভাগে গতিকে মেৰ-কলাবৰীয়া বিল দুখনখনৰ খননৰ লগে লগে সেই খহনীয়াৰ ফলতেই ধনশিৰি নদীখন বিলদুখনলৈ সোমাই অহাৰ আশংকা কৰিছে কুৰুৱাবাহীবাসীয়ে। স্বাভাৱিকতেই আশংকা কৰাৰ দৰে যদি ধনশিৰি নদীখন মেৰ-কলাবৰীয়া বিলৰ লগত সংযোগ হৈ যায় তেতিয়া এক বিস্তিৰ্ণ অঞ্চলৰ কৃষিভূমি আৰু বহু গাঁও ধনশিৰি নদীত জাহ যাব।
উল্লেখ্য যে, উল্লেখযোগ্য যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰায় ১ একৰ ভূমি সামৰি তথা ১১.৯৬ লাখ টকা ব্যয় সাপেক্ষে মেৰবিল আৰু বিহৰা ১২ নম্বৰৰ ধনশিৰি নদীৰ উক্ত খহনীয়া গ্ৰস্ত ঠাইৰ নিচেই সমিপত এটা অমৃৰ সৰোবৰ জলাশয় খান্দিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছিল কুৰুৱাবাহীবাসী ৰাইজে আৰু জীপাল কৃষক শ্ৰমিক সংঘই। কাৰণ সেই সময়তো একেদৰেই উক্ত জলাশয় খননৰ লগে লগেই ধনশিৰি নদীখন মেৰবিলৰ লগত সংযোগ হৈ বিস্তিৰ্ণ অঞ্চলৰ কৃষিভূমি আৰু বহু গাঁও ধনশিৰি নদীত জাহ যোৱাৰ আশংকা কৰা হৈছিল। পৰৱৰ্তী সময়ত কুৰুৱাবাহীবাসী ৰাইজ আৰু জীপাল প্ৰতিবাদত সেৱ মানি সেই অমৃত সৰোবৰৰ খনন বন্ধ কৰিবলৈ বাধ্য হৈছিল জলসম্পদ বিভাগৰ বোকাখাত সংমণ্ডল।
ইফালে শেহতীয়াকৈ সংশ্লিষ্ট বিভাগে বিল দুখন পৰিভ্ৰমণ কৰাৰ সময়ত স্থানীয় ৰাইজক জানিবলৈ দিয়া অনুসৰি বিল দুখনৰ খননৰ বেলিকা স্থানীয় ৰাইজৰ যি বিস্তীৰ্ণ ম্যাদি ভূমি অধিগ্ৰহণ কৰা হ'ব তাৰ বিপৰিতে কোনো ধৰণৰ ক্ষতিপূৰণ চৰকাৰৰ তৰফৰ পৰা দিয়া নহ'ব। স্বাভাৱিকতেই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আনহাতে এই বিলদুখনৰ লগত স্থানীয় ৰাইজৰ কৃষিৰ এক এৰাব নোৱাৰা সম্পৰ্ক নিহিত হৈ থকাৰ বাবেই খননৰ লগে লগেই এক বিশাল কৃষিভূমিৰ কৃষিৰ পৰাও বঞ্চিত হৈ পৰিব বহু কৃষক পৰিয়াল।
গতিকে বানপানী, খহনীয়া অভিজ্ঞ স্থানীয় ৰাইজৰ লগত আলোচনা নকৰাকৈ বিল দুখনৰ জলধাৰণ ক্ষমতা বৃদ্ধি আৰু বান-খহনীয়া প্ৰতিৰোধ কৰাৰ নামত এক বিস্তীৰ্ণ অঞ্চলক পুনৰ অধিক বানপানী আৰু খহনীয়া প্ৰৱণ কৰি তোলা আৰু খননৰ নামত স্থানীয় কৃষকৰ কৃষিভূমি নিঃশেষ কৰিবলৈ ওলোৱা কাৰ্যৰ প্ৰতি শেহতীয়াকৈ প্ৰতিবাদী স্থিতী গ্ৰহণ কৰিছে স্থানীয় ৰাইজে লগতে অতি শীঘ্ৰেই কুৰুৱাবাহীৰ মেৰ-কলাবৰীয়াৰ পৰা এই আঁচনি প্ৰত্যাহাৰ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে উক্ত বিল দুখনৰ এখন অৰ্থাৎ মেৰবিলখন ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ ভূমিত অৱস্থিত। এই ক্ষেত্ৰত সত্ৰৰ প্ৰত্যক্ষ্য হস্তক্ষেপৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us