/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/kuldeep-spcl.jpg)
অত্যন্ত দায়ৱদ্ধতাৰে, কোনো দিনেই কাৰো স্তাৱক নোহোৱাকৈয়ে তেওঁ গুচি গ'ল। অসমৰ সংবাদমাধ্যমৰ সৈতে তেওঁৰ ইমান আত্মীয়তা আছিল যে, তেওঁৰ লেখা অসমৰ বহু কেইখন কাকততে প্ৰকাশ হৈছিল। ১৯৮০-৮৫চনৰ সময়চোৱাত অসমৰ এখন জনপ্ৰিয় তথা বহুল প্ৰচলিত আলোচনী 'প্ৰান্তিক'ত ধাৰাবাহিকভাৱে কুলদীপ নায়াৰে এলানি লেখা লিখিছিল। সেই সময়ত এইগৰাকী লিখক, সাংবাদিকৰ কলমত অসমৰ ভালেমান সমস্যাৰ বিশ্লেষণ তথা ৰাষ্ট্ৰীয় বহু বিষয়ৰ আভাস পাইছিল অসমীয়া পাঠকে। সেয়েহে হয়তো আজিও কুলদীপ নায়াৰ বুলি ক'লেই এজন চিনাকি তথা আত্মীয় লোক যেন লাগে। যি অসমীয়া আৰু অসমৰ সৈতে একাত্ম হৈ আছিল। বহুতে কুলদীপ নায়াৰক অসমৰ বুলিয়ে ভাবিবলৈ লৈছিল।
মৃদুল কুমাৰ সন্দিকৈ
কলমেই আছিল তেওঁৰ তৰোৱাল! প্ৰায় ৭০ বছৰৰো অধিক কাল তেওঁ একেই চোকেৰে কলম চলাই গৈছিল। দেশ-বিদেশৰ ৮০খন কাকত-আলোচনীত তেওঁ নিৰন্তৰ স্তম্ভ লেখা লিখিছিল। ১৪টা ভাষাত প্ৰকাশ হৈছিল সেইবোৰ। শেষলৈ তেওঁৰ নামেই পৰিচয় হৈ পৰিছিল। কি বিষয়ত লিখিছেতকৈ কুলদীপ নায়াৰে কি লিখিছে, সেয়াহে পাঠকৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। প্ৰচুৰ জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ আছিল তেওঁ। দেশৰ যিকোনো এটা স্থানত ৰৈ তেওঁ দৃষ্টি ঘূৰাইছিল ৩৬০ ডিগ্ৰী কৰি। সেয়েহে কোনো এটা বিষয়েই তেওঁৰ দৃষ্টিৰ পৰা বাদ পৰি যোৱা নাছিল। দেশৰ ৰাজনীতিৰ অন্যতম ধাৰাভাষ্যকাৰৰূপে তেওঁ লেখাবোৰে সাধাৰণ মানুহৰ পৰা ৰাজনীতিবিদলৈকে বিশেষ সমীহ আদায় কৰিছিল। এদিন ইন্দিৰা গান্ধীয়ে তেওঁৰ দীঘল চুলিবোৰ হঠাৎ কাটি দিলে। তাৰ পাছত এইজন প্ৰবীণ সাংবাদিক তথা লেখকক সুধিছিল- তেওঁক দেখিবলৈ কেনেকুৱা লাগিছিল? কুলদীপ নায়াৰে উত্তৰ দিছিল- 'আপুনি আগতেই ধুনীয়া আছিল। কিন্তু এতিয়া আগতকৈ বেছি ধুনীয়া লগা হৈছে।' সেয়াই আছিল তেওঁলোকৰ মাজৰ সম্পৰ্ক। কিন্তু প্ৰয়োজনত সেই ইন্দিৰা গান্ধীকে জ্বলা-কলা খুৱাইছিল কুলদীপ নায়াৰে। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰোতে ইন্দিৰা গান্ধীক সমালোচনাৰে থকাসৰকা কৰি পেলাইছিল। তাৰ ফল পাইছিল তেওঁ। আন বিৰোধী ৰাজনীতিবিদৰ লগতে তেওঁকো জে'ললৈ পঠিওৱা হৈছিল। পাছত এটা সাক্ষাৎকাৰত সেই কথা সুঁৱৰি কুলদীপ নায়াৰে কৈছিল-
'Indira and I knew each other very well. One day she cut her hair short and asked me how she looked. I told her she was beautiful earlier, but looked even more beautiful now.'
-Kuldip Nayar.
দেশত জৰুৰীকালীন শাসন ঘোষণা কৰাৰ ৪০ বছৰ হৈছিল ২০১৫ চনৰ ২৬ জুনত। তাৰ আগদিনা আকৌ গৰজি উঠিছিল কুলদীপ নায়াৰৰ কলম। সেইদিনা তেওঁ লিখিছিল 'When you crawl, unasked'। অৰ্থাৎ তুমি যেতিয়া নোকোৱাকৈয়ে চুচৰি দিয়া। তেতিয়া তেওঁৰ বয়স ৯২বছৰ। কিন্তু একেই আছিল কলমৰ চোক। আকৌ এবাৰ ইন্দিৰা গান্ধীক সেই ৰাজনৈতিক হঠকাৰী সিদ্ধান্তৰ বাবে থকাসৰকা কৰি পেলাইছিল। তাৰ সুযোগ লৈছিল মোডীয়ে। তেওঁৰ দৰে সাংবাদিকৰ লেখাৰ গইনা লৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছক আক্ৰমণ কৰিছিল। তাৰো প্ৰত্যুত্তৰ দিছিল কুলদীপ নায়াৰে। কৈছিল- 'কোনোবাইতো ঘোষণা কৰি দেশত জৰুৰীকালীন শাসন প্ৰৱৰ্তন কৰিছিল, আন কিছুৱে আকৌ ঘোষণা নকৰাকৈয়ে দেশত জৰুৰীকালীন সদৃশ শাসন চলাই আছে।' এয়াই আছিল তেওঁৰ ধৰ্ম। তেওঁৰ বাবে কোনো পৰ বা আপোন নাছিল। যিটো দেখিছিল, মুকলি মনেৰে, স্পষ্ট ভাষাত লিখিব বা ক'ব পাৰিছিল।
১৯৭৭ চনৰ ১২জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিনহাই এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। প্ৰতিদ্বন্দ্বী ৰাজ নাৰায়ণে তৰা এক গোচৰৰ ৰায় দি কৈছিল- ইন্দিৰা গান্ধীৰ জয় অবৈধ। সেই সময়ত দিল্লীত অসমৰে এজন সন্তানে 'ইন্দিৰা ইজ ইণ্ডিয়া' মন্তব্যৰে তৈলমৰ্দন কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত কুখ্যাতি অৰ্জন কৰিছিল। কিন্তু তাৰ ব্যতিক্ৰমৰূপে কুলদীপ নায়াৰে ঘনিষ্ঠ হৈও ইন্দিৰা গান্ধীক ৰেহাই দিয়া নাছিল। অত্যন্ত গণতান্ত্ৰিকবোধ থকা স্বাধীন চেতীয়া মনৰ কুলদীপ নায়াৰৰ মৃত্যু হ'ল ২২ আগষ্ট, ২০১৮ৰ নিশা। ১৯২৩চনৰ ১৪ আগষ্টত অবিভক্ত ভাৰতৰ আৰু বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশৰ শিয়ালকোটত জন্ম হৈছিল কুলদীপ নায়াৰৰ। দেশ বিভাজনৰ সময়ত ভাৰতলৈ গুচি অহা কুলদীপ নায়াৰৰ পৰিয়ালে পাকিস্তানত যথেষ্ট নিৰ্যাতনৰ সন্মুখীন হৈছিল। যি নিৰ্যাতনৰ সন্মুখীন হৈছিল এল কে আদৱানিৰ পৰিয়ালেও। আদৱানিয়ে সেই ক্ষোভক ধৰি ৰাখিছিল ৰাজনীতিৰ দৰ্শনৰ মাজত। কিন্তু কুলদীপ নায়াৰে তেওঁৰ এই ক্ষোভ সাংবাদিকতাৰ মাজত ধৰি ৰখা নাছিল। পাৰ্থক্য আছিল তাতেই। 'বিয়ণ্ড দ্য লাইনছ'ত লিখিছে, কেনেদৰে তেওঁৰ পৰিয়ালক কেইজনমান মুছলমান ল'ৰাই ৰক্ষা কৰিছিল। সেইদিনা তেওঁৰ পিতৃ-মাতৃ ৰে'লেৰে এঠাইলৈ যাবলৈ ওলাইছিল। তেতিয়াই মুছলমান ল'ৰা কেইটাই আহি তেওঁলোকক সেই ৰে'লখনত যাবলৈ বাধা দি ঘৰলৈ উভতাই পঠিয়াইছিল। আৰু কৈছিল যে, ১০ কিঃমিঃ আতৰত সেই ৰে'লখনৰ ওপৰত আক্ৰমণ চলাব। সেইটোৱে হৈছিল সেইদিনা। এনেকৈয়ে বহু মুছলমান ল'ৰাই হিন্দু পৰিয়ালৰ আৰু হিন্দু ল'ৰাই মুছলমান পৰিয়ালৰ প্ৰাণ ৰক্ষা কৰিছিল। তেওঁৰ গ্ৰন্থ 'বিয়ণ্ড দ্য লাইনছ'ৰ পৃষ্ঠাত থকা সেই অংশ এয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/partition-300x159.jpg)
ৰাজনীতি ক্ষেত্ৰখনৰ সৈতেও জড়িত হৈ পৰিছিল কুলদীপ নায়াৰ। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক তেওঁ ঘনিষ্ঠ ৰূপে পাইছিল। ফোন কৰি এদিন প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ঘৰলৈ মাতিছিল। তেতিয়া নায়াৰ আছিল ষ্টেটছমেন কাকতৰ আৱাসিক সম্পাদক। চাহ খাবলৈ গৈ প্ৰণৱ মুখাৰ্জীৰ ঘৰৰ পৰিৱেশ দেখি তেওঁ আচৰিত হৈছিল। কিছু সামান্য আচবাবেৰে কোনো কাম কৰা মানুহ নৰখাকৈয়ে সাধাৰণভাৱে জীৱন কটাইছিল মুখাৰ্জীয়ে। মুখাৰ্জীৰ পত্নী তেতিয়া নৃত্যৰ সৈতে জড়িত আছিল, কিন্তু স্বীকৃতি অহা নাছিল। কুলদীপ নায়াৰক কৈছিল তেওঁৰ বিষয়ে কিছু লিখিবলৈ। জৰুৰীকালীন অৱস্থাৰ পাছত মুখাৰ্জীৰ ঘৰলৈ গৈছিল পুনৰ নায়াৰ। তেতিয়া কিন্তু সলনি হৈছিল প্ৰণৱ মুখাৰ্জীৰ জীৱন-ধাৰণ। লাহ-বিলাসেৰে ভৰি পৰিছিল তেওঁৰ জীৱন। কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী আছিল প্ৰণৱ মুখাৰ্জী। আৰু ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ অত্যন্ত বিশ্বাসী আৰু সোঁহাত আছিল মুখাৰ্জী। এই কথাও মুকলি কৈ লিখিছিল তেওঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/pranab-1-300x261.jpg)
কুলদীপ নায়াৰৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত- 'ইণ্ডিয়াছ দ্য ক্ৰিটিকেল ইয়েৰছ', 'ইণ্ডিয়া আফটাৰ নেহৰু', 'ইন জেইল', 'ট্ৰেজেডী অৱ পাকিস্তান', 'ৱাল এট ৱাঘা', 'বিটুৱিন দ্য লাইন' অন্যতম। জৰুৰীকালীন শাসনৰ সময়ছোৱাৰ ঘটনা প্ৰবাহ তেওঁ ধৰি ৰাখিছিল 'দ্য জাজমেণ্ট' শীৰ্ষক গ্ৰন্থত। ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অত্যন্ত ব্যস্ত সাংবাদিক, সমাজকৰ্মী তথা মানৱ অধিকাৰ কৰ্মীৰূপে কুলদীপ নায়াৰৰ বিশেষ স্থান আছিল। ১৯৯৭চনত তেওঁক ৰাজ্যসভালৈ নিৰ্বাচন কৰা হৈছিল। তাৰ আগতে ১৯৯০চনত তেওঁক নিযুক্তি দিয়া হৈছিল গ্ৰেট ব্ৰিটেইনৰ উচ্চায়ুক্ত ৰূপে। ৰাষ্ট্ৰসংঘৰ মজিয়াতো ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল তেওঁ। ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি তথা সু-সম্পৰ্ক গঢ়াৰ বাবে চেষ্টা চলাইছিল কুলদীপ নায়াৰে। সেই ব্যস্ততাৰ মাজতো কুলদীপ নায়াৰৰ এক আত্মিক সম্পৰ্ক আছিল অসমৰ সৈতে।
বাজপেয়ীয়ে যিদৰে ৰাজনৈতিক দৃষ্টিকোণেৰে অসম আন্দোলনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল, একেদৰে সেই সময়ত অসম আন্দোলনৰ বাতৰি অসমলৈ আহি ৰাষ্ট্ৰীয় স্তৰত প্ৰকাশ কৰা সাংবাদিক আছিল কুলদীপ নায়াৰ। আজি অভিযোগ উঠে, অসমৰ খবৰ ৰাষ্ট্ৰীয় স্তৰত সংবাদমাধ্যমে গুৰুত্বসহকাৰে প্ৰকাশ নকৰে। অথচ এতিয়া ৰাষ্ট্ৰীয় স্তৰত অসমৰ বহু সাংবাদিকে প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁলোকৰ খবৰক বিশেষ গুৰুত্ব দিয়া হয়। এম এছ প্ৰভাকৰ, অৰুণ শ্বোৰী আদি প্ৰবীণ সাংবাদিকসকলৰ দিনত এনে অভিযোগ উঠা নাছিল।
এতিয়া ৰাষ্ট্ৰীয় স্তৰৰ সংবাদমাধ্যমত অসমৰ সমস্যাক তুলি ধৰাত যি কৃপণালি কৰা হয়, সেই কৃপণালি তেওঁলোকে নকৰিছিল। অসমলৈ দৌৰি আহি, গাঁৱে-ভূঞে ঘূৰি সত্যক সঠিকভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ প্ৰৱণতাক দায়িত্ব সহকাৰে গ্ৰহণ কৰিছিল। এতিয়া কোনোবাই যদি কাৰোবাৰ স্বাৰ্থ ৰক্ষাৰ বাবে টক্ শ্ব' পতাৰ নামত নিৰ্দিষ্ট পক্ষক প্ৰতিনিধিত্ব কৰে, আন কোনোবাই আকৌ গুৱাহাটী কেনেকৈ যৌন নগৰীত পৰিণত হৈছে তেনে ধৰণৰ পাতলীয়া প্ৰতিবেদন প্ৰস্তুতেৰে সাংবাদিকতাৰ দায়িত্ব সামৰে। এইবোৰৰ পৰা পৃথক আছিল কুলদীপ নায়াৰৰ দৰে সাংবাদিকসকল। ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত তেওঁৰ সাংসদ পুঁজিৰ ধন অসমলৈ আহিছিল। কম্পিউটাৰ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ ছাত্ৰ সংগঠনৰ হাতত বিপুল পৰিমাণৰ ধন তেওঁ তুলি দিছিল। সেইবোৰৰ এতিয়া চিন-চাব নাই। কাৰ জেপত সেইবোৰ সোমাল বা জিলা পৰ্যায়ৰ কম্পিউটাৰ শিক্ষাৰ সম্প্ৰসাৰৰ বাবে গ্ৰহণ কৰা তেনে পদক্ষেপ কি পৰ্যায়ত থাকি গ'ল তাৰ হিচাপ আছুৱে নিদিলে বা কোনেও ল'বলৈ নগ'ল। কুলদীপ নায়াৰৰ মৃত্যুৰ পাছত অসমত সম্ভৱ প্ৰথম শোক ব্যক্ত কৰিলে নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে। এই বিদ্যালয়খনলৈও কুলদীপ নায়াৰৰ অৱদান আছিল।
অত্যন্ত দায়ৱদ্ধতাৰে, কোনো দিনেই কাৰো স্তাৱক নোহোৱাকৈয়ে তেওঁ গুচি গ'ল। অসমৰ সংবাদমাধ্যমৰ সৈতে তেওঁৰ ইমান আত্মীয়তা আছিল যে, তেওঁৰ লেখা অসমৰ বহু কেইখন কাকততে প্ৰকাশ হৈছিল। ১৯৮০-৮৫চনৰ সময়চোৱাত অসমৰ এখন জনপ্ৰিয় তথা বহুল প্ৰচলিত আলোচনী 'প্ৰান্তিক'ত ধাৰাবাহিকভাৱে কুলদীপ নায়াৰে এলানি লেখা লিখিছিল। সেই সময়ত এইগৰাকী লিখক, সাংবাদিকৰ কলমত অসমৰ ভালেমান সমস্যাৰ বিশ্লেষণ তথা ৰাষ্ট্ৰীয় বহু বিষয়ৰ আভাস পাইছিল অসমীয়া পাঠকে। সেয়েহে হয়তো আজিও কুলদীপ নায়াৰ বুলি ক'লেই এজন চিনাকি তথা আত্মীয় লোক যেন লাগে। যি অসমীয়া আৰু অসমৰ সৈতে একাত্ম হৈ আছিল। বহুতে কুলদীপ নায়াৰক অসমৰ বুলিয়ে ভাবিবলৈ লৈছিল। কুলদীপ নায়াৰৰ মৃত্যুত অসমে হেৰুৱালে এজন শুভচিন্তক।
লাহোৰৰ ফৰমান খ্ৰীষ্টান কলেজৰ পৰা কলেজীয়া শিক্ষা লোৱা কুলদীপ নায়াৰ আছিল দেশ বিভাজনৰ অন্যতম প্ৰত্যক্ষদৰ্শী। তেতিয়া তেওঁৰ বয়স আছিল ২৪ বছৰ। ভাৰত-পাকিস্তানৰ মাজৰ সংঘাতক লৈ তেওঁ যথেষ্ট সচেতন আছিল। দেশৰ প্ৰতিটো সমস্যাক লৈ সৰৱ আছিল তেওঁ। তাৰ ভিতৰত অসমৰ সমস্যাবোৰে তেওঁক বিশেষভাৱে আকৰ্ষণ কৰিছিল। এই প্ৰবীণ লেখক, সাংবাদিক তথা সক্ৰিয় সমাজকৰ্মীগৰাকীৰ বিয়োগে এতিয়া অসমতো এক বৌদ্ধিক শূন্যতাৰ সৃষ্টি কৰিলে। এতিয়াৰ পৰা তেওঁৰ লেখা পাঠকে পঢ়িবলৈ নাপাব। সদায় তেওঁৰ উপস্থিতিৰ অভাৱ অসমবাসীয়ে অনুভৱ কৰিব। 'বিয়ণ্ড দ্য লাইনছ'ত এতিয়া তেওঁ নাই। সেই সীমা অতিক্ৰম কৰি তেওঁ গুচি গ'ল বহু দূৰলৈ। চিৰদিনৰ বাবে গুচি গ'ল অসম আৰু অসমীয়াক ভাল পোৱা আন এজন মানুহ…।
তেওঁৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰিছে। তাৰ ভিতৰত অন্যতম হ'ল বিশিষ্ট ইতিহাসবিদ ৰামচন্দ্ৰ গুহ। কুলদীপ নায়াৰলৈ শ্ৰদ্ধা জনাই গুহই কয়- 'ধন-সন্মান বা যশস্যাত কৈ বিবেকৰ শ্ৰুতিলিপি শুনাৰ সাংবাদিক আছিল তেওঁ।'