/asomiyapratidin/media/media_files/2026/02/10/barama-web-2026-02-10-23-03-10.jpg)
ডিজিটেল সংবাদ, বৰমা : বাক্সা জিলাৰ বৰমাত থকা কেথলিক মিছনৰ সভাগৃহত বড়োসকলৰ মৰমৰ ব্যক্তি, ধৰ্মযাজক কুলন্দাই স্বামীক মঙলবাৰে এক বিশেষ অনুষ্ঠানেৰে বৰমা পাষ্টোৰেল কাউন্সিলে সম্বৰ্ধনা জনায় । যতীন দৈমাৰীয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ধৰ্মযাজক কুলন্দাইস্বামীক এখন মানপত্ৰ, এখন এৰি কাপোৰ আৰু এখন এৰি কোটেৰে সম্বৰ্ধনা জনায় ।
উল্লেখ্য যে ধৰ্মযাজক কুলন্দাইস্বামীয়ে বৰমা অঞ্চলৰ লগতে অসমৰ বিভিন্ন ঠাই আৰু অৰুণাচল প্ৰদেশৰ গৰীৱ লোক সকলৰ ল'ৰা- ছোৱালী সকলক শিক্ষা দি পোহৰৰ জ্ঞান দিয়াৰ উদ্দেশ্যৰে তামিলনাডুৰ পৰা তেওঁ ১৯৮৫ চনত বৰমাত কেথলিক মিছন স্থাপিত কৰি চেন্ট জনচ ইংৰাজী বিদ্যালয় খুলিছিল। ১৯৯৭ চনত বৰমাৰ পৰা গৈ বিজনীত কেথলিক মিছন স্থাপিত কৰি জেচাছ মেৰি বিদ্যালয় খুলি গৰীব লৰা -ছোৱালীক ইংৰাজী আৰু বড়ো মাধ্যমৰ শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিছিল ।
বিজনীৰ জেচাছ মেৰি বিদ্যালয়খনেই মিছনাৰীয়ে খোলা প্ৰথম বড়ো মাধ্যমৰ ব্যক্তিগত বিদ্যালয় । ধৰ্মযাজক কুলন্দাইস্বামীয়ে বৰমাত থকাৰ সময়ত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক মনিৰাম মোছাহাৰী, বৰমা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সাহিত্যিক ৰেনু বড়ো, বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ দৰে সাহিত্যিক সকলক সংগ দি কিতাপ লিখিব দি বহু বড়ো পুথি প্ৰকাশ কৰি উলিয়াইছে ।
তেওঁ বড়ো সকলৰ Historical film " বাসিৰাম জোহোলাউ " নামৰ ছবিখন বিশিষ্ঠ সাহিত্যিক মোহিনী মোহন ব্ৰহ্ম, ৰেনু বড়ো আৰু মংগলসিং হাজোৱাৰী আৰু অন্যান্য শিল্পী সকলক লৈ অভিনয় কৰোৱাইছিল আৰু বহু ধৰ্মমূলক বড়ো অডিঅ' কেছেট উলিয়াইছিল । ধৰ্মযাজক কুলন্দাইস্বামীয়ে বড়ো ভাষাৰ দুখন অভিধান প্ৰকাশ কৰিছে । উল্লেখ্য যে ধৰ্মযাজক কুলন্দাইস্বামীয়ে নাগালেণ্ডত থকা বড়ো ৰজাৰ ৰাজধানী " ডিমাপুৰ " সদৃশ বৰমাত কেবা কোটি টকা খৰচ কৰি এখন গীৰ্জা গৃহ নিৰ্মাণ কৰি উলিয়াইছে ।
উল্লেখ্য যে বড়ো জনগোষ্ঠীৰ বাবে জীৱন যোৰা কাম কৰা এজন আদৰ্শ ব্যক্তি ধৰ্মযাজক কুলন্দাইস্বামীক ২০০৫ চনত বিজনীৰ ইংখং ৱেলফেয়াৰ ছচাইটিয়ে "মেন অৱ দ্যা ইয়াৰ, ২০০৫ " বঁটা প্ৰদান কৰিছিল। ধৰ্মযাজক কুলন্দাইস্বামীয়ে বড়ো জনগোষ্ঠীটোক ভাল পোৱাৰ বাবেই নিজৰ থকা ঘৰ আৰু ঠাইবোৰ বড়ো সকলৰ আদৰৰ আৰোনাই ফুলবোৰ আকোঁৱাই লোৱা দেখিবলৈ পাই । আজিৰ সম্বৰ্ধনা অনুষ্ঠানত বৰমা কেথলিক মিছনৰ ধৰ্মযাজক ডেভিদ ছৌন্দ্ৰাৰাজ, ধৰ্মযাজক নিকোলাছ, চিষ্টাৰ জনীতা, নাথকুছিত থকা মেৰি গ্ৰেছ চিকিৎসালয়ৰ চিষ্টাৰ সকল, অৱসৰপ্ৰাপ্ত শিক্ষক বিজয় চৌধুৰী, বাগসা জিলা বড়ো সাহিত্য সভাৰ কাৰ্যবাহী সদস্য খ্ৰৌমছাৰ বসুমতাৰীকে ধৰি বৰমা অঞ্চলৰ কেথলিক ধৰ্মপ্ৰাণ লোকসকলে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us