বালিজুৰিত কূল‌ পূজা সম্পন্ন

চতিয়াৰ বালিজুৰি অঞ্চলৰ ১ নং বালিজুৰি গাঁৱত মঙলবাৰে গোৰ্খা জনগোষ্ঠীৰ দাহাল পৰিয়ালৰ ন‌দুৱাৰ আঞ্চলিক সমিতিৰ  উদ্যোগত কূল পূজা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
477

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ বালিজুৰি অঞ্চলৰ ১ নং বালিজুৰি গাঁৱত মঙলবাৰে গোৰ্খা জনগোষ্ঠীৰ দাহাল পৰিয়ালৰ ন‌দুৱাৰ আঞ্চলিক সমিতিৰ  উদ্যোগত কূল পূজা অনুষ্ঠিত হয়। দাহাল পৰিয়ালৰ বৎস গোত্ৰীয় অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা লোক সকলে অতীতৰ পৰা পৰম্পৰাগতভাৱে এই কূল পূজা অনুষ্ঠিত কৰি আহিছে৷

উল্লেখ্য যে এসময়ত ৰজা দাসু ভট্টই হুমায়ুনৰ লগত যুদ্ধ কৰি নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু পৰৱৰ্তী সময়ত তাত বসবাস কৰা লোকসকলে হিমালয়ৰ দাঁতি-কাষৰীয়া অঞ্চলত বসবাস কৰিবলৈ লয় ৷ সেয়েহে দাসু ভট্টৰ বংশ হিচাপে প্ৰত্যেক বছৰে ৰজা দাসু ভট্টক স্মৰণ কৰি মাংগলিক নিয়ম নীতিৰে কূল পূজা অনুষ্ঠিত কৰে দাহাল পৰিয়ালৰ লোক সকলে।

এই পূজাৰ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম দাহাল গোষ্ঠীৰ সভাপতি কৃষ্ণ প্ৰসাদ দাহাল আৰু সম্পাদক টিংকু দাহালে । কূল পূজাৰ অনুষ্ঠানটিত অংশগ্ৰহণকাৰী ভক্ত প্ৰাণ ৰাইজক  ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে উদ্যমী যুৱক কিশোৰ দাহালে ৷

জামুগুৰিহাট