/asomiyapratidin/media/media_files/2025/09/29/ddddddddddddddddddddddddd-2025-09-29-09-46-49.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ পূব ভাৰতৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰা আৰু এনে সংস্কৃতিৰ লগত সংপৃক্ত হৈ থকা কোচবিহাৰৰ লোক সংস্কৃতিৰ প্ৰচাৰ আৰু বিকাশৰ বাবে অসম কণ্ঠ জুবিন গাৰ্গে সমগ্ৰ উত্তৰ বংগৰ কলা ,সংস্কৃতিৰ উত্তৰণৰ লগত সংপৃক্ত হৈ অঞ্চলটোলৈ আগবঢ়োৱা অৱদানৰ এক বিৰল স্বীকৃতি হিচাপে কোচবিহাৰৰ বৃহত্তম সাংস্কৃতিক উৎসৱ এইবাৰৰ ৰাস মেলাৰ ঐতিহাসিক মঞ্চখন জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিবলৈ কোচবিহাৰৰ ৰাইজে সিদ্ধান্ত গ্ৰহন কৰিছে।
কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, মধুপুৰ সত্ৰৰ লগত একনিষ্ঠভাৱে জৰিত থকা কোচবিহাৰৰ পৌৰপতি ৰবীন্দ্ৰ নাথ ঘোষৰ তৎপৰতাত কোচবিহাৰত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি পৰিয়ালৰ অনুমতি সাপেক্ষে স্থাপন কৰাৰ বাবেও এক পদক্ষেপ গ্ৰহণ কৰিছে।
পৌৰ পতি গৰাকীয়ে উত্তৰ বংগৰ বিভিন্ন সংবাদ মাধ্যমত কোচবিহাৰৰ ৰাইজে লোৱা এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰাৰ লগতে কোচবিহাৰৰ আগন্তুক ৰাস মেলাৰ সমগ্ৰ চৌদিশ জুবিন গাৰ্গৰ ফটো আৰু কাট আউটৰ দ্বাৰা সমৃদ্ধ কৰি শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব।
উল্লেখযোগ্য যে ,জুবিন গাৰ্গে কোচবিহাৰত কেইবাবাৰো সংগীত পৰিৱেশন কৰাৰ লগতে উত্তৰ বংগৰ লোক সংগীতৰ অন্যতম উপাদান ভাৱাইয়া লোক গীতৰ এলবাম "মনেৰ আইনা"ত গীত পৰিৱেশন কৰি উত্তৰ বংগৰ লোক সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এক শক্তিশালী অৱদান আগবঢ়াই গৈছে।
মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষী সমিতিয়ে কোচবিহাৰ পৌৰ সভাৰ এনে পদক্ষেপে বংগ আৰু অসমৰ মাজত থকা সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোন অধিক কটকটীয়া কৰাৰ লগতে জুবিন গাৰ্গে মোৰ "কোনো জাতি নাই , ধৰ্ম নাই" বুলি কোৱা অমৰ বাণী বাস্তৱত পৰিণত কৰিব বুলি মত প্ৰকাশ কৰিছে।