কোবাইকটা সত্ৰ পৰিচালন সমিতিৰ সভাঃ পূৰ্বৰ সমিতিৰ বিৰুদ্ধে অভিযোগ...

কোবাইকটা সত্ৰ পৰিচালন সমিতিৰ সভাঃ পূৰ্বৰ সমিতিৰ বিৰুদ্ধে অভিযোগ...

author-image
Asomiya Pratidin
New Update
কোবাইকটা সত্ৰ পৰিচালন সমিতিৰ সভাঃ পূৰ্বৰ সমিতিৰ বিৰুদ্ধে অভিযোগ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কি হৈছে ৰাজ্যৰ কিছুসংখ্যক সত্ৰ-নামঘৰ পৰিচালনা সমিতিৰ? এইবাৰ বিতৰ্কত এখন দুৰ্দশাগ্ৰস্ত সত্ৰ পৰিচালনা সমিতিৰ। এই সত্ৰখনি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত কোবাইকটা সত্ৰ। সতীৰাধিকাৰ জন্মস্থান বুলি খ্যাত সত্ৰখনৰ চৌদিশে থকা স্থানীয় খিলঞ্জীয়া লোক সকলে ৮৩ আন্দোলনৰ সময়ত নিজৰ ভেটি মাটি এৰি পলাব লগিয়া হৈছিল।

Advertisment

সংবাদ মাধ্যমে দৃষ্টি গোচৰ কৰাৰ পাছত শেহতীয়াকৈ চৰকাৰী পৃষ্ঠপোষকতাত সত্ৰখনি উদ্ধাৰৰ দিশে আগবাঢ়িবৰ সময়তে লাগিছে কেনা। সত্ৰখনিৰ বৰ্তমানৰ পৰিচালনা সমিতিয়ে দিয়া অভিযোগ মতে, সত্ৰৰ পূৰ্বৰ সমিতিখনে বৰ্তমানেও অধিপত্য বিস্তাৰ কৰিবলৈ গৈ আহুকাল সৃষ্টি কৰিছে। আজি কোবাইকটা নামঘৰত অনুষ্ঠিত সভাত বৰ্তমানৰ সভাপতি, সম্পাদকৰ লগতে সদস্য, ভকত বৈষ্ণৱ, আইমাতৄ সকলে পুৰনি সমিতিৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ তুলিলে।

অভিযোগ মতে বিত্তীয় খেলিমেলিকে আদি কৰি একাধিক অভিযোগত অভিযুক্ত সমিতিখন বিগত ২০২২ চনৰ ৬ এপ্ৰিলত ভংগ কৰি বৰ্তমানৰ সমিতিক ৰাইজে দ্বায়িত্বভাৰ অৰ্পন কৰিছিল। কিন্তু বৰ্তমানেও উক্ত ভংগ কৰি দিয়া সমিতিৰ সভাপতি যামিনী দাস আৰু সম্পাদক অচ্যুত দাসে চৰকাৰী কাৰ্যালয়ত অনাধিকাৰ যোগাযোগ কৰাৰ লগতে নিজে ৰচিদ বহী ছপাই অৰ্থ সংগ্ৰহ কৰা আৰু অনুমতি অবিহনে সভা পতা আদি অনিয়ম কৰি আছে।

এই সমগ্ৰ অভিযোগ সন্দৰ্ভত বৰ্তমানৰ কোবাইকটা সত্ৰ পৰিচালন সমিতিৰ সভাপতি শংকৰ দাস, সম্পাদক গোপাল চন্দ্ৰ দাসকে প্ৰমুখ্য কৰি পৰিচালনা সমিতিৰ সদস্য, ভকত বৈষ্ণৱ, আইমাতৄ সকলে আৰক্ষীৰ কাষ চাপিছে আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।

কোবাইকটা সত্ৰ