
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ স্মৃতি জড়িত এখনি সত্ৰত ভকত বৈষ্ণৱৰ মাজত হতাহতি। ঐতিহ্যমণ্ডিত কোবাইকটা সত্ৰৰ উন্নয়নক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটোৱা জখলাবন্ধাৰ সত্রাধিকাৰ যুগল কিশোৰ গোস্বামী নামৰ সত্ৰাধিকাৰ গৰাকীয়ে দেওবাৰে কোৱাইকটা সত্রত অনধিকাৰে প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এক উতপ্ত পৰিস্থিতিৰ। সত্ৰ উন্নয়নৰ নামত আবন্টিত ধনৰাশি আত্মসাৎ কৰাৰ বাবে এই ঐতিহাসিক সত্ৰ খনক লৈ বিভিন্ন সময়ত এই সত্ৰাধিকাৰ জনে সৃষ্টি কৰি আহিছিল বিতর্কৰ ।
কিন্তু দেওবাৰে স্বয়ম্ভূ সত্রাধিকাৰ গৰাকীয়ে মাজুলীৰ দক্ষিণপটীয়া সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱ গোস্বামীক লগত লৈ এই সত্র খনিত অনধিকাৰে প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এই উতপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সত্ৰত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লগতে অৰ্ধসামৰিক বাহিনী।পিছত পৰিস্থিতি নিয়ন্ত্রণলৈ অহাত দু গৰাকী সত্ৰাধিকাৰৰ পলায়ন কৰে সত্ৰৰ পৰা। ইফালে বিশ্ব হিন্দু মহাসংঘ অসমে কোৱাইকটা সত্রৰ বেদখল সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে।
উল্লেখ্য যে ১৯৮৩ চনত অসম আন্দোলনৰ সময়ছোৱাত অসমৰ পৰিস্থিতি অগ্নিগর্ভা হোৱাত খিলঞ্জীয়া অসমীয়া লোক সকলে কোৱাইকটা আৰু নলচা গাওঁ এৰি অন্য স্থানলৈ গুছি গৈছিল। কিন্তু সেই দিনৰে পৰা একাংশ বেদখলকাৰীয়ে খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছিল।সেই বেদখলকৃত ভূমি আজিকোপতি মুক্ত হোৱা নাই। লগতে কোৱাইকটা সত্রৰ মাহধোৱা পুখুৰীটো একাংশ লোকে দখল কৰি এটা অংশত বেদখলকাৰীয়ে নিৰ্মাণ কৰিছে কবৰস্থান আৰু মছজিদ। তথাপিও হিন্দু লোক নথকা গাঁও খনত স্থানীয় একাংশ মুছলমান লোকে সত্ৰ খনি চোৱা চিতা কৰি আহিছে। লগতে সত্ৰৰ বন্তি চাকি জ্বলি সুৰক্ষিত অবস্থাত আছে এই সত্র খনি আজিকোপতি।
হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা এই সত্র খনিলৈ শেহতীয়াকৈ অসম চৰকাৰে সত্ৰ উন্নয়ণৰ বাবে আগবঢ়োৱা ধনৰাশিক লৈ তথা কথিত সত্ৰাধিকাৰ যুগল কিশোৰ গোস্বামীয়ে ধন আত্মসাৎৰ ফন্দি পতাত সত্ৰৰ ভকত বৈষ্ণৱ সকল উত্তেজিত হৈ আজি এই পৰিস্থিতিৰ সৃষ্টি কৰে।হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা এই কোৱাইকটা সত্রক কালিমা সনা দুষ্ট চক্রৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দোষীক শাস্তিৰ দাবী জনাইছে কোবাইকটা সত্ৰত ভকত বৈষ্ণৱে ।