/asomiyapratidin/media/media_files/2025/08/09/web7-2025-08-09-19-53-21.jpg)
ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নাকৰ দ্বাৰা এ+গ্ৰেড লাভ কৰা মায়ং আঞ্চলিক মহাবিদ্যালয়ত শনিবাৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনস্থ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত ২০২৫-২৬ বৰ্ষৰ নামভৰ্তিকৰণ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মায়ং আঞ্চলিক মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ তত্বাৱধায়ক তথা অধ্যাপক ৰঞ্জন তিমচিনাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চেয়াৰমেন জয়দেৱ বৰুৱা,অধ্যাপিকা দ'লা বৰকটকী, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষন নাথ আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কলিতা।
আটাইকেইগৰাকী বিশিষ্ট অতিথিয়ে আধাতে পঢ়া জীৱন সমাপ্ত কৰা ছাত্ৰ ছাত্ৰী সকলে কিদৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অতি কম খৰচত নিজৰ সুবিধা অনুযায়ী স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব সেই সন্দৰ্ভত বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। সভাত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ পৰা নামভৰ্তিৰ বাবে অহা একাংশ ছাত্ৰ -ছাত্ৰীৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক কেবাজনো আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।