কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ক ভাৰতীয় ভেষজ প্ৰতিষ্ঠানৰ স্বীকৃতি...

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ক ভাৰতীয় ভেষজ প্ৰতিষ্ঠানৰ পৰা আনুষ্ঠানিক স্বীকৃতি প্ৰদান। যোৱা ২৮ চেপ্টেম্বৰ তাৰিখৰ ভাৰতীয় ভেষজ প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবচাইটত কৃষ্ণগুৰু আধ্যাত্মিক

author-image
Asomiya Pratidin
New Update
hdhhdhdhd

ডিজিটেল সংবাদ, সৰ্থেবাৰীঃ  কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ক ভাৰতীয় ভেষজ প্ৰতিষ্ঠানৰ পৰা আনুষ্ঠানিক স্বীকৃতি প্ৰদান। যোৱা ২৮ চেপ্টেম্বৰ তাৰিখৰ ভাৰতীয় ভেষজ প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবচাইটত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ক আনুষ্ঠানিক ভাৱে স্বীকৃতি প্ৰদানৰ পাছতে বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। যিয়ে বিশ্ববিদ্যালয়ৰ ভেষজ বিভাগত ডিপ্লমা আৰু ডিগ্ৰীত ৬০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ পাঠদান ব্যৱস্থাৰ স্থায়ী স্বীকৃতি প্ৰদান কৰিছে।

স্কুলীয়া শিক্ষাৰ লগত আধ্যাত্মিক জ্ঞান প্ৰদান কৰা বিশ্বৰ একমাত্ৰ আধ্যাত্মিক বিশ্ববিদ্যালয় কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত ভেষজ বিজ্ঞানৰ উপৰিও ভৌতিক চিকিৎসা বিজ্ঞান, নাৰ্ছিং আৰু কলা, বিজ্ঞান, বাণিজ্য বিভাগত স্নাতকোত্তৰ , স্নাতক আৰু পি.এইচ.ডি ত ডিগ্ৰী প্ৰদান কৰি আহিছে।

উল্লেখ্য, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ মুকুন্দ শৰ্মাই জনাই যে, বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ দ্বাৰা Under Section 2(f)ত স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় খনৰ পুৰণি ৱেব পোৰ্টেল https://kav.org.in নৱীকৰন কৰাৰ পাছত নতুন ৱেব পোৰ্টেল https://kav.ac.in ত নতুন সকলো তথ্য অন্তৰ্ভুক্ত কৰি থকা হৈছে।  

দুৰ্ভাগ্যৱশত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাব্লিক নটিচ No.F.1-4/2023(CPP-I/PU)-2/132024 অনুসৰি সেই সময়ত বিশ্ববিদ্যালয়ৰ পুৰণি ৱেব পোৰ্টেলত বিশ্ববিদ্যালয় সম্বন্ধীয় সকলো তথ্য ৰাজহুৱা ভাৱে প্ৰকাশ কৰা হৈছিল যদিও ৱেব পোৰ্টেল নৱীকৰনৰ সময়ত  বিশ্ববিদ্যালয়ৰ তথ্য প্ৰেৰণত কিছু কাৰিকৰী বিজুতিৰ বাবে তথ্য সমূহ অনুদান আয়োগে যথাসময়ত লাভ কৰাত কিছু অসুবিধাৰ সৃষ্টি হৈছিল।

 ইতিমধ্যে উপৰোক্ত বিশ্ববিদ্যালয়ৰ চিঠিত উল্লেখ কৰা সকলো তথ্য নতুন ৱেব পোৰ্টেল https://kav.ac.in ত আপ্লোড অথবা অন্তৰ্ভুক্ত কৰি থকা হৈছে। বৰ্তমান কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সকলো তথ্য নতুন ৱেব পোৰ্টেল https://kav.ac.in ত সকলোৰে বাবে উপলদ্ধ।

সৰ্থেবাৰী