দেশৰ ভিন্ন স্থানত আজি পালন কৰিব জন্মাষ্টমীঃ অসমত জন্মাষ্টমী ভাদ মাহত...

আজি জন্মাষ্টমী। মথুৰা, বৃন্দাবনকে ধৰি দেশৰ কেইবাটাও প্ৰান্তত অতি আড়ম্বৰেৰে জন্মাষ্টমী উদযাপন কৰা হৈছে। অৱশ্যে অসমত আজি জন্মাষ্টমী উদযাপন কৰা নহয়।

author-image
Tushar Pratim
New Update
দেশৰ ভিন্ন স্থানত আজি পালন কৰিব জন্মাষ্টমী...

ডিজিটেল ডেস্কঃ আজি জন্মাষ্টমী। মথুৰাকে ধৰি দেশৰ কেইবাটাও প্ৰান্তত অতি আড়ম্বৰেৰে জন্মাষ্টমী উদযাপন কৰা হৈছে। অৱশ্যে অসমত আজি জন্মাষ্টমী উদযাপন কৰা নহয়। অসমত ভাদ মাহৰ ২৮ তাৰিখেহে পালন কৰা হব কৃষ্ণ জন্মাষ্টমী। তথাপিও সামাজিক মাধ্যমৰ ট্ৰেণ্ড অনুসৰণ কৰিয়েই অসমতো এচামে শাওন মাহতেই জন্মাষ্টমী পালনৰ প্ৰস্তুতি চলোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে। 

Advertisment

উল্লেখ্য যে, পঞ্চাঙৰ তথ্য অনুসৰি ভদ্ৰপদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি ১৫ আগষ্টৰ নিশা ১১:৪৯ বজাৰ পৰাই আৰম্ভ হৈছে। এই তিথি অন্ত পৰিব ১৬ আগষ্টৰ নিশা ৯:৩৪ বজাত। 

এই পৰিস্থিতিত উদয় তিথিৰ আধাৰত জন্মাষ্টমী ১৬ আগষ্ট অৰ্থাৎ আজি। বিশ্বাস অনুসৰি ৰোহিনী নক্ষত্ৰত অষ্টমী তিথিৰ মাজনিশা শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেইবাবেই মাজনিশা অষ্টমী তিথি পৰে আৰু কৃষ্ণভক্তসকলে উপবাস পালন কৰি জন্মাষ্টমীৰ আধ্যাত্মিকতা অনুসৰণ কৰে।

অসমত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিহে জন্মাষ্টমী পালন কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। শাওণ মাহত অসমত জন্মাষ্টমী পালন কৰাৰ কোনো নিয়ম নাই। কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। 

ইংৰাজী কেলেণ্ডাৰ মতে অহা ১৪ ছেপ্তেম্বৰত। ৰাজ্য চৰকাৰেও সেই বাবেই ১৪ ছেপ্তেম্বৰৰ দিনটোতে চৰকাৰী বন্ধ ঘোষণা কৰিছে। অৱশ্যে মথুৰা, বৃন্দাবনকে ধৰি ব্ৰজধামত কৃষ্ণ জন্মাষ্টমী উৎসৱ অতি ধুমধামেৰে পালন কৰিব। 

জন্মাষ্টমী