/asomiyapratidin/media/media_files/2025/08/08/nagaon-8-2025-08-08-15-55-51.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ ৪২ সংখ্যক পূৰ্ণাংগ অধিৱেশনখনি বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনন্ত কন্দলি হাইস্কুলত অনুষ্ঠিত হয়।দ্বিতীয় দিনা আজি পুৱাৰ ভাগত সংস্থাৰ আৰু অধিবেশনৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংস্থাৰ জিলা সভাপতি ৰঞ্জিত শইকীয়া আৰু অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মদন বৰদলৈয়ে।
ইয়াৰ পিছতে প্ৰতিষ্ঠা কালৰ প্ৰয়াত পুৰুধা শিক্ষাগুৰুসকলৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ সভাপতি বকুল নাথ আৰু অধিবিদ্যা পৰিষদৰ সম্পাদিকা পৰুল গায়নে। ছহিদ তৰ্পণ কৰে জিলা পৰীক্ষা পৰিষদৰ প্ৰাক্তন সভাপতি ভূপেন্দ্ৰ কুমাৰ দাসে।আৰু গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত পৰিকল্পনা বিষয়া মিন্টু শৰ্মাই।
বিদ্যালয়খনৰ নৰহৰি ডেকাৰজা ক্ষেত্ৰত দুপৰীয়া জিলা সভাপতি ৰঞ্জিত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাচনি সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰে জিলা সম্পাদক যগেশ্বৰ ৰাজখোৱাই। মুকলি সভাখন উদ্বোধন কৰি দিয়া ভাষণত নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে বিদ্যালয়সমূহৰ বিভিন্ন দিশৰ উন্নতি, ছাত্র-ছাত্ৰীৰ গুণগত দিশৰ উন্নতিৰ লগতে প্ৰতিগৰাকী শিক্ষকে যাতে ছাত্ৰ-ছাত্ৰীক উপযুক্ত পাঠদান কৰে তাৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়।
জিলা সম্পাদক যগেশ্বৰ ৰাজখোৱাই শৈক্ষিক ক্ষেত্ৰৰ লগতে সংস্থাক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহু কাম কৰা বুলি পৰিদৰ্শকগৰাকীয়ে প্ৰশংসা কৰে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পৰিদৰ্শক কাৰ্যলয়ৰ পৰিকল্পনা বিষয়া পদ্মকান্ত বৰাই এই প্ৰতিযোগিতামূলক পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলক দক্ষ তথা উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিবলৈ শিক্ষাগুৰুসকলক অনুৰোধ জনায়।
অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক পৰ্যবেক্ষক হিচাপে উপস্থিত থকা ৰাকেশ শৰ্মা, তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, জিলা আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ সভাপতি বকুল নাথ,অৱসৰ প্ৰাপ্ত পৰিকল্পনা বিষয় মিন্টু শৰ্মা, প্ৰধান শিক্ষক বাপধন নাথকে ধৰি বিশিষ্ট ব্যক্তি আৰু নগাঁও জিলা শিক্ষাগুৰু, ছাত্র-ছাত্ৰীসকলৰ উপস্থিতিত অধিবেশনৰ সম্পাদকীয় বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে জিলা সম্পাদক যগেশ্বৰ ৰাজখোৱাই। হিচাপ পৰীক্ষাকৰ প্ৰতিবেদন পাঠ কৰে মুছফিকুৰ ৰহমানে।
সভাত জিলা সম্পাদক যগেশ্বৰ ৰাজখোৱাই নগাঁও জিলাৰ শিক্ষকসকলে বিভিন্ন সময়ত ভূগি অহা সমস্যাসমূহ সংস্থাই গুৰুত্ব সহকাৰে লৈ চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ সক্ষম হৈছে বুলি কয়।সন্ধিয়ালৈ অধিবেশনৰ বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি ঘন কান্তু বৰা আৰু কঠীয়াতলী জিলা পৰিষদৰ সদস্য ৰম্ভা লুইংয়ে।