কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি...

নগাঁও জিলাৰ কচুৱা অঞ্চলৰ প্ৰথম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কচুৱা তিনিআলিস্থিত জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী আজি সফল সামৰণি পৰে। ২০০১ চনতে স্থাপিত হোৱা উক্ত বিদ্যালয়ে দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে

author-image
Asomiya Pratidin
New Update
dssdsdsd

ডিজিটেল সংবাদ, কামপুৰঃ  নগাঁও জিলাৰ কচুৱা অঞ্চলৰ প্ৰথম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কচুৱা তিনিআলিস্থিত জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী আজি সফল সামৰণি পৰে। ২০০১ চনতে স্থাপিত হোৱা উক্ত বিদ্যালয়ে দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে আয়োজন কৰে ৰূপালী জয়ন্তী সমাৰোহ।

ৰূপালী জয়ন্তীৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে বিদ্যালয়ৰ সচিব ইছলাম কাজীয়ে , ইয়াৰ পাছতে অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি জনাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

আজি দ্বিতীয় দিনটোত  কাৰ্যসূচী ক্ৰমে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন, সামাজিক নাটক, সাংস্কৃতিক অনুষ্ঠানৰ  পাছত বিশিষ্ট সমাজসেৱক জয়নাল আবদিনৰ সভাপতিত্বত আৰু কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক মতিউৰ ৰহমানৰ সহযোগত মুকলি সভাৰ মাজতে কঠীয়াতলি শিক্ষাখণ্ডৰ বিষয়া শংকৰ চেত্ৰীয়ে " নতুন পোহঁৰ " নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷

শিক্ষক হুছেইন আলীয়ে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে কঠিয়াতলী শিক্ষা খণ্ড বিষয়া শংকৰ শেত্ৰী, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমান, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আমিৰ হামজা ভূঞাঁ, বি আৰ পি ৰতন দাস,জেষ্ঠ্য সাংবাদিক মোলান লস্কৰ, কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰ, ,চি আৰ চি চি ক্ৰমে, হবিবুৰ ৰহমান, আবুল কালাম আজাদ,কচুৱা জুনিয়ৰ কলেজৰ অধ্যক্ষ আবুল হাচান, অধ্যক্ষ ফজলুল কাদিৰ, প্ৰবক্তা মোক্তাৰ হুছেইন ;অ গ পৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি বিষ্ণু দাস, কামপুৰ কৰ্মচাৰী পৰিষদৰ সভাপতি যজ্ঞেশ্বৰ ৰাজখোৱা, কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমান, উদীয়মান যুৱ নেতা মতিউৰ ৰহমান।  

আদৰনি ভাষণত সচিৱ ইছলাম কাজীয়ে ৰূপালী জয়ন্তীৰ অতীত সোঁৱৰি সকলো পক্ষক কৃতজ্ঞতা জনায় ৷ শিক্ষা নহ'লে এটি জাতিৰ ভবিষ্যত অন্ধকাৰ আৰু তাৰেই নানান উপমাৰে ড° ভূপেন হাজৰিকাৰ জীৱন ফহিয়াই বিষ্ণু দাসে  বিদ্যালয় খনক জ্ঞানৰ এগচি বন্তিৰ লগত তুলনা কৰি কচুৱা অঞ্চলটোৰ প্ৰতিটো ঘৰে ঘৰে শিক্ষাৰ ব্যাপক সঞ্চাৰ হওঁক বুলি আশা প্ৰকাশ কৰে ৷

ছাত্ৰ- ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী,শিক্ষানুষ্ঠান আৰু ৰূপালী জয়ন্তীৰ আতঁ ধৰি সুন্দৰ ভাষণ ৰাখে  আমন্ত্ৰিত অতিথি সকলে  ৷ সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী সুখবিন্দৰ সিং আৰু সংগীতা শইকীয়াই সংগীত পৰিবেশন কৰি সহস্ৰাধিক দৰ্শকক আমোদ দিয়ে ৷

অসম জাতীয় বিদ্যালয় জাতীয় বিদ্যালয়