লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত যুৱ লেখক তথা অগপৰ মুখপাত্ৰ কস্তুৰী চুতীয়া বৰুৱা

অগপৰ মুখপাত্ৰ তথা প্ৰধান মন্ত্ৰীৰ যুৱ লেখক বঁটা প্ৰাপক কস্তুৰী চুতীয়া বৰুৱাই দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰিছে।

author-image
Tushar Pratim
New Update
লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত যুৱ লেখক তথা অগপৰ মুখপাত্ৰ কস্তুৰী চুতীয়া বৰুৱা

ডিজিটেল সংবাদ, ধেমাজিঃ অগপৰ মুখপাত্ৰ তথা প্ৰধান মন্ত্ৰীৰ যুৱ লেখক বঁটা প্ৰাপক কস্তুৰী চুতীয়া বৰুৱাই দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰিছে। লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ধেমাজিৰ বোৱাৰী কস্তুৰী চুতীয়া বৰুৱাই অংশগ্ৰহণ কৰিব। 

Advertisment

তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অনুমোদনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত এই নিমন্ত্ৰণ লাভ কৰিছে৷ যুৱ লেখকগৰাকীয়ে ইতিমধ্যে বুধবাৰেই দিল্লীলৈ যাত্ৰা কৰিছে বুলি জানিবলৈ দিছে। উল্লেখ্য যে, তেওঁৰ উপৰিও আন দুই প্ৰধানমন্ত্ৰীৰ যুৱ লেখক বঁটা প্ৰাপক ঢকুৱাখনাৰ প্ৰিয়ম ডি জোৎস্না আৰু বিকাশ দিহিঙায়াকো বিশেষ ভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে। 

স্বাধীনতা দিৱস লালকিল্লা