কপিলী শিক্ষাখণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন…

কপিলী শিক্ষাখণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
কপিলী শিক্ষাখণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন…

ডিজিটেল সংবাদ, বেবেজীয়াঃ নেত্ৰহীনসকলৰ মানৱ অধিকাৰৰ পূৰ্ণতা তথা যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে কপিলী শিক্ষাখণ্ডৰ উদ্যোগতো আজি বিশ্ব ব্ৰেইল দিৱসটি পালন কৰা হয়।তদুপলক্ষে সমগ্ৰ শিক্ষা অভিযানৰ কপিলী খণ্ড মিছন কাৰ্যালয়ৰ অধীনত পূব জালুগুটি প্ৰাথমিক বিদ্যালয়ত দিনজোৰাকৈ অনুষ্ঠিত কৰা হয় উক্ত দিৱসটি। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে দৃষ্টি বাধাগ্ৰস্ত শিশু শংকৰজিৎ বৰদলৈয়ে।

Advertisment

ইয়াৰ পিছতে কপিলী খণ্ডৰ অধীনৰ ৮ জনকৈ দৃষ্টি বাধাগ্ৰস্ত শিশুক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।তাৰ পিছতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৩২ জনকৈ দিব্যাংগ প্ৰতিযোগীয়ে ভাগ লয়। ইয়াৰ পাছতে দিব্যাংগ শিশু,অভিভাৱক,শিক্ষক-শিক্ষয়িত্ৰী,কপিলী খণ্ড মিছন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।

সৰ্বাত্মক শিক্ষাৰ কপিলী খণ্ডৰ সমল ব্যক্তি গিৰীণ বৰাই আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানটিত কপিলী খণ্ডৰ এম আই এচ সমন্বয়ক চন্দ্ৰ গোস্বামী, গাণনিক সৌমিত্ৰ পল, কপিলী খণ্ডৰ চি আৰ চি চি ক্ৰমে গিৰীণ বৰকাকতি, প্ৰণৱজ্যোতি নাথ, ৰঞ্জনজ্যোতি মহন্ত,গকুল নাথ,সঞ্জীৱ নাথ,পাৰ্থপ্ৰতিম দেৱনাথ,দেবদত্ত দাস,সৰ্বাত্মক শিক্ষা কপিলী খণ্ডৰ সমল ব্যক্তি জুন বৰা, মুনিন শৰ্মা,বলেন্দ্ৰ নাথকে ধৰি অন্যান্য লোকসকল উপস্থিত থাকি দিব্যাংগ শিশু- অভিভাৱকৰ মনৰ বুজ লয় আৰু দিব্যাংগ শিশুৱে ভোগ কৰা বিভিন্ন অসুবিধা আৰু সমগ্ৰ শিক্ষাই তেওঁলোকৰ শাৰীৰিক- মানসিক উত্তৰণৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে বিষদভাৱে অৱগত কৰে।