২০২৬ৰ জানুৱাৰীত মধ্য অসমত চৰকাৰৰ বিৰুদ্ধে কোচ ৰাজবংশীৰ বৃহৎ গণ সমাৱেশ...

মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসমৰ কেইবাটাও কোচ ৰাজবংশী জাতীয় সংগঠনৰ সহযোগত নগাঁও পেঞ্চনাৰ ভৱনৰ প্ৰেক্ষাগৃহত এখনি চিন্তন বৈঠক অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
udjdjd

ডিজিটেল ডেস্কঃ মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসমৰ কেইবাটাও কোচ ৰাজবংশী জাতীয় সংগঠনৰ সহযোগত নগাঁও পেঞ্চনাৰ ভৱনৰ প্ৰেক্ষাগৃহত এখনি চিন্তন বৈঠক অনুষ্ঠিত কৰা হয়।

অসম চৰকাৰে যোৱা নৱেম্বৰ মাহত ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনৰ ওপৰত বিষদভাৱে আলোচনাৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা চিন্তন বৈঠকখনি সঞ্চালন কৰে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি পৰেশ চন্দ্ৰ ডেকাই।

সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে আঁত ধৰা সভাখনিত উপস্থিত থাকি মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট বুদ্ধিজীৱী তথা জ্যেষ্ঠ নাগৰিকসকলে একেমুখে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত কৰাৰ বাবে অসম চৰকাৰলৈ আহ্বান জনায়।

২০২৬ ৰ জানুৱাৰী মাহতে মধ্য অসমত চৰকাৰৰ বিৰুদ্ধে কোচ ৰাজবংশীসকলৰ হ'ব বৃহৎ গণ সমাবেশ। অবিভক্ত গোৱালপাৰাত বাস কৰা কোচ ৰাজবংশী আৰু অন্য জিলাত বাস কৰা কোচ ৰাজবংশীসকলৰ মাজত বিভেদ অনাৰ অপচেষ্টা বন্ধ নকৰিবলৈ চৰকাৰক সকিয়নী প্ৰদান কৰে তেওঁলোক।

যদিহে চৰকাৰে এইবাৰো ছয় জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰাৰ চেষ্টা কৰে তেতিয়াহলে আগন্তুক নিৰ্বাচনত সমগ্ৰ কোচ ৰাজবংশী ৰাইজে একত্ৰিত ভাৱে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হোৱা বুলি উপস্থিত ৰাইজে হুংকাৰ প্ৰদান কৰে।

কোচ ৰাজবংশী