/asomiyapratidin/media/media_files/2025/08/26/cvdfcddfdf-2025-08-26-21-01-34.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ মঙলবাৰে কমাৰগাঁৱত গোলাঘাট জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ আৰু নাৰী সন্থাৰ উদ্যোগত, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰা আৰু ষষ্ঠ অনুসূচিত সোণোৱাল কছাৰী জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰাৰ দাবীত প্ৰতিবাদী জোৰসমদল কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
প্ৰতিবাদস্থলীত উপস্থিত থাকে গোলাঘাট জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি সোণোৱাল, সভাপতি তৰুণ সোণোৱাল, গোলাঘাট জিলা নাৰী সন্থাৰ সম্পাদিকা পাপৰি সোণোৱাল, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক গীতাৰ্থ সোণোৱাল আদি।
গোলাঘাট জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি তৰুণ সোণোৱালে উল্লেখ কৰে যে, ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যকাল সমাপ্ত হোৱাৰ ডেৰ বছৰ দিন উকলি যোৱাৰ পাছতো পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাটোৱে বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ প্ৰতি থকা অবহেলাৰ প্ৰকাশ পাইছে। লগতে সংবিধানৰ পৰা প্ৰাপ্ত অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে অসম চৰকাৰক সকিয়নি প্ৰদান কৰে। অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত নকৰিলে আন্দোলন অতি তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে।