/asomiyapratidin/media/media_files/2025/09/24/web-ap-puja-2025-09-24-12-01-04.jpg)
ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ পূৰ্বে কলকাতাত সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতি। সোমবাৰৰ মাজনিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে হোৱা প্ৰৱল বৰষুণৰ ফলত ডুব গৈছে চহৰখন। বানত এই পৰ্যন্ত মৃত্যু হৈছে ১০জন লোকৰ। এই বৰষুণে ভংগ কৰিছে কেইবা দশকৰ অভিলেখ। বান পৰিস্থিতিৰ বাবে ম্লান পৰিছে দুৰ্গা পূজাৰ উচাহ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/whatsapp-image-2025-09-24-12-01-30.jpeg)
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি ২৫ ছেপ্তেম্বৰত পুনৰ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যাৰবাবে আগতীয়াকৈ সাবধানতা অৱলম্বন কৰিছে দুৰ্গা পূজা কমিটিয়ে। বহু কমিটীয়ে প্লেটফৰ্মত ওখ পাণ্ডাল স্থাপনৰ সিদ্ধান্ত লৈছে। আনহাতে বহুতে টিৰ্পাল আৰু পানী নোসোমাব পৰা সজ্জা ব্যৱহাৰ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/whatsapp-image-2025-09-24-12-02-59.jpeg)
একেদৰে, শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা দুৰ্ঘটনা ৰোধৰ বাবে বৈদ্যুতিক সুৰক্ষা সন্দৰ্ভতো কমিটীসমূহে বিশেষ বৈঠক অনুষ্ঠিত কৰিছে। কলকাতা পৌৰ নিগমে পানীৰে ভৰা অঞ্চল পৰিষ্কাৰ কৰাৰ লগতে নলা-নৰ্দমা পৰিষ্কাৰ কৰিবৰ বাবে বৃহৎ দল মোতায়ন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us