ডিজিটেল ডেস্কঃ কলকাতাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মাজতে হিংসাত্মক ঘটনা। কলকাতাৰ পৌৰ নিৰ্বাচনৰ মাজতে এটা ৱাৰ্ডত বোমা নিক্ষেপৰ ঘটনা সংঘটিত হৈছে। ৩৬ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে এই বোমা নিক্ষেপৰ ঘটনা টকি বয়েজ স্কুলৰ ভোটকেন্দ্ৰৰ বাহিৰত সংঘটিত হৈছে। এই ঘটনাত ২ জন ভোটাৰ আহত হৈছে। আহত এজন ভোটাৰৰ ভৰিত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে। উল্লেখ্য যে, কলকাতাত মুঠ ১,৭৭৬ টা ভোটকেন্দ্ৰত পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। এই নিৰ্বাচনৰ ভোটগণনা ২১ ডিচেম্বৰত অনুষ্ঠিত হ'ব।