/asomiyapratidin/media/media_files/2026/01/27/yufghhghfghfhgfh-2026-01-27-21-39-03.jpg)
ডিজিটেল সংবাদ, কলকাতাঃ “সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কেৱল অসম, পশ্চিমবংগ কিম্বা ভাৰতৰ নহয়; তেওঁ প্ৰকৃতাৰ্থতে বিশ্বশিল্পী ৷ মানৱতাবাদৰ সুৰধ্বনি, পৰিধি ভাঙি মানুহৰ সমাজৰ সম্প্ৰীতি তেওঁৰ সৃষ্টিৰ মূল দৰ্শন ৷”— এই মন্তব্য পাব্লিছাৰ্চ এণ্ড বুক ছেলাৰ্চ গীল্ড, কলকাতাৰ সচিব ত্ৰিদীপ চেটাৰ্জীৰ ৷
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৪৯ সংখ্যক আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলাত আজি আয়োজন কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি তেওঁ এনেদৰে কয় ৷ তেওঁ প্ৰসংগক্ৰমে ড° ভূপেন হাজৰিকাৰ সান্নিধ্য আৰু অসমৰ গ্ৰন্থমেলালৈ গৈ লাভ কৰা সুমধুৰ অভিজ্ঞতাৰ স্মৃতিচাৰণ কৰে ৷ আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলাৰ এছ বি আই প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটিত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে সাহিত্য অকাদেমি সন্মান প্ৰাপক ঔপন্যাসিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-im-2026-01-27-21-39-22.jpeg)
এই অনুষ্ঠানত অনুৰাধা শৰ্মা পূজাৰীয়ে উল্লেখ কৰে যে, “ ড° ভূপেন হাজৰিকাই জীৱনৰ এক কঠিন সময়ত কলকাতালৈ আহিছিল আৰু কলকাতাবাসীয়ে তেওঁক হৃদয়ত স্থান দিছে ৷ সেইবাবে কলকাতালৈ আহিলে ভূপেনদাৰ কলকাতালৈ অহা বুলিয়ে অনুভৱ হয় ৷ ভৌগোলিক সীমা অতিক্ৰম কৰি, পাহাৰ-ভৈয়াম একাকাৰ কৰি তেওঁ সমন্বয়ৰ আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে ৷ মানুহৰ হৃদয়ৰ নিষ্কলুষ স্পন্দন প্ৰতিধ্বনিত হৈ আছে ড° ভূপেন হাজৰিকাৰ সমগ্ৰ সৃষ্টিত ৷”
ইফালে, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটি ড° ভূপেন হাজৰিকাৰ কালজয়ী গান আৰু গানৰ আধাৰত নৃত্যৰে সজাই গাম্ভীৰ্যপূৰ্ণৰূপত প্ৰাণস্পৰ্শী কৰি তোলে সংগীত শিল্পী পৰ্ণাভ বেনাৰ্জী, ড° ভূপেন হাজৰিকাৰ নাতি, শিল্পী তৃণ শৰ্মা, অশোক ভদ্ৰ, প্ৰিয় চেটাৰ্জী, তাপস দেৱনাথ, কাশ্মীৰী কটকী মল্লিকে ৷
সুধাকণ্ঠৰ কালজয়ী গান “ আহ ওলাই আহ সজাগ জনতা”, “ কঁহুৱা বন মোৰ অশান্ত মন” আৰু “মানুহে মানুহৰ বাবে”ৰ ফিউজনক সমৱেত সংগীত হিচাপে পৰিৱেশনেৰে অনুষ্ঠানটি আৰম্ভ কৰা হয় ৷ সমৱেত সংগীতত অংশগ্ৰহণ কৰে কৰে মনীষা শৰ্মা বৰঠাকুৰ, গীতাঞ্জলি গোস্বামী, কস্তুৰী শৰ্মা গোস্বামী, কাশ্মীৰী কটকী মল্লিক, এলি আহমেদ, ববী ভৰদ্বাজ, সংগীতা বৰঠাকুৰ, পম্পী বৰা, কাকুমণি কামানে ৷ হীৰকজ্যোতি নাথ, ঋতুপবন কটকীয়ে অনুষ্ঠানটিত বাঁহী আৰু গীটাৰ বজাই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-01-27-21-39-40.jpeg)
আনহাতে, কলকাতা নিবাসী অৱসৰপ্ৰাপ্ত অনাতাঁৰ শিল্পী নেকিব আহমেদ, পাব্লিছাৰ্চ এণ্ড বুক ছেলাৰ্চ গীল্ড, কলকাতাৰ সভাপতি সুধাংশু শেখৰ দে’, কলকাতাস্থিত ৰাছিয়া কেন্দ্ৰৰ প্ৰতিনিধি গৌতম ঘোষৰ লগতে কলকাতাৰ সাহিত্য-সংগীত জগতৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানটিলৈ সহযোগিতা আগবঢ়ায় অসম সাহিত্য সভাৰ কলকাতা শাখা, এ এছ এল ক্লাৱ, কলকাতা অসমীয়া সাংস্কৃতিক সংস্থা, কলকাতা মহিলা কল্যাণ সংস্থা, লেখিকা সমাৰোহ সমিতি, কলকাতা শাখাই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us