/asomiyapratidin/media/media_files/2025/09/12/325-2025-09-12-22-00-41.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰৰ উলুৱনীৰ ৰাজপথত ছাগলী চুৰি কৰিবলৈ আহি শুক্ৰবাৰে হাতে-লোটে আটক হ'ল তিনিটা ভগাইত চোৰ। এখন ই-ৰিস্কাত উঠাই ছাগলী চুৰি কৰিছিল তিনি গভাইত চোৰে।
জানিব পৰা মতে ছাগলী চুৰি কৰাৰ সময়তে ৰাইজে হাতে-লোটে ধৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে তিনি চোৰক। উলুৱনী আৰক্ষীয়ে আটক কৰা তিনি ছাগলী চোৰ হ'ল ক্ৰমে- মুকুল মহন্ত, মুকিবুৰ আলি আৰু ৰাজু দাস।
এই ঘটনা পোহৰলৈ অহাৰ পাছতে চোৰক চাবলৈ থানাত ৰাইজে ভীৰ কৰা দেখা যায়। ইফালে থানা চৌহদত ইনাই বিনাই কান্দি পৰিবেশ উত্তাল কৰি তোলে চোৰৰ আত্মীয়ই।
উল্লেখ্য যে¸ কলিয়াবৰৰ ভিন্ন প্ৰান্তত প্ৰায়ে চুৰি হৈ আহিছে গৃহস্থৰ ছাগলী। তাৰ মাজতে ৰাইজৰ তৎপৰতাত এই তিনিটা চোৰ আটক হোৱাত ৰাইজে পৰম সন্তোষ লাভ কৰা বুলিও চৰ্চা চলিছে অঞ্চলটোত ।
ইফালে ছাগলী চোৰ ধৰি যেন বিপদত পৰিছে আৰক্ষী। থানাৰ ভিতৰত চোৰৰ নাটক।কেৱল কান্দিছে আৰু কান্দিছে¸মাজে মাজে চোৰৰ বিকট চিঞৰ। ‘মই ফচি গ'লো¸মই ছাগলী চোৰ কৰা নাই। মোৰ গাড়ী ভাড়ালৈ হে লৈছিল।’
ইটোৱে -সিটো লৈ এনেদৰে দোষ ঠেলা বুলিও অভিযোগ উঠিছে। ইয়াৰ মাজতে চোৰৰ আত্মীয় আহি চোৰক সান্তনা দিয়াও দেখা গৈছে । মুঠৰ ওপৰত ছাগলী চোৰ ধৰি এতিয়া পয়মাল লাগিছে আৰক্ষীৰ।