কলিয়াবৰত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ লাইখুঁটা স্থাপন

অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিন ১০ ডিচেম্বৰৰ দিনটো সদৌ অসম ছাত্র সন্থাই প্ৰতিবছৰে শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে

author-image
Asomiya Pratidin
New Update
303

ডিজিটেল সংবাদ,কলিয়াবৰ : অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিন ১০ ডিচেম্বৰৰ দিনটো সদৌ অসম ছাত্র সন্থাই প্ৰতিবছৰে শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে।  এইবাৰ ১০ ডিচেম্বৰত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ আতিথ্যত সদৌ নগাঁও জিলা ছাত্র সন্থা আৰু কলিয়াবৰীয়া ৰাইজৰ সহযোগত কলিয়াবৰত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।

WhatsApp Image 2025-11-23 at 9.25.05 PM

দেওবাৰে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ লাইখুঁটা মাংগলিক কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী পথাৰত স্থাপন কৰা হয়। কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা সদৌ অসম ছাত্র সন্থাৰ ক্ৰীড়া সম্পাদক মৃগাংক শেখৰ ভড়ালী হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰী শংকৰ শইকীয়া , সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি সীমান্ত বৰা ,সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱা ,উদযাপন সমিতিৰ সভাপতি নবীন বৰঠাকুৰ ,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি চিন্ময় ৰাজখোৱা ,সাধাৰণ সম্পাদক প্লাৱন বৰাৰ লগতে কলিয়াবৰৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ,ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা, প্ৰাক্তন ছাত্র নেতা আদিয়ে অংশগ্ৰহণ কৰে। 

অনুষ্ঠানৰ আৰম্ভণিতে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইপিনে সংবাদ মাধ্যমৰ আগত উদযাপন সমিতিৰ মুখ্য সম্পাদক মৃগাংক শেখৰ ভড়ালী হাজৰিকাই কয় যে কলিয়াবৰত কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপনৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত লোৱাত সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছো।

WhatsApp Image 2025-11-23 at 9.24.41 PM

কলিয়াবৰৰ ৰাইজ ,সদৌ নগাঁও জিলা ছাত্র সন্থা ,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত শ্বহীদ দিৱস উদযাপনৰ প্ৰস্তুতি চলি আছে। সেই দিনা ৰাজ্যখনৰ প্ৰতি জিলাৰ ছাত্র প্ৰতিনিধি ,ৰাইজৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বুলি উল্লেখ কৰি হাজৰিকাই কয় যে দিৱসৰ লগত সংগতি ৰাখি এখন স্মৰণিকা প্ৰকাশ কৰা হব। শ্বহীদ দিৱসৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলোকে তেওঁ আহ্বান জনাইছে।

কলিয়াবৰ