কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত গীতেৰে সুধাকণ্ঠক স্মৰণৰ প্ৰস্তুতি...

এইবেলি ভাৰতৰত্ন, সঙ্গীতসূৰ্য ড০ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ সমগ্ৰ অসমে আয়োজন কৰিব। কলিয়াবৰ প্ৰেছ ক্লাবে এইজন মহান ব্যক্তিৰ জন্মশতবৰ্ষৰ প্ৰাকক্ষণত ভূপেনদাক স্মৰণ কৰাৰ দিহা কৰিছে।

author-image
Asomiya Pratidin
New Update
257

ডিজিটেল সংবাদ,কলিয়াবৰ : এইবেলি ভাৰতৰত্ন, সঙ্গীতসূৰ্য ড০ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ সমগ্ৰ অসমে আয়োজন কৰিব। কলিয়াবৰ প্ৰেছ ক্লাবে এইজন মহান ব্যক্তিৰ জন্মশতবৰ্ষৰ প্ৰাকক্ষণত ভূপেনদাক স্মৰণ কৰাৰ দিহা কৰিছে।

ত্ৰিবেণী কানন, কলিয়াবৰ প্ৰেছ ক্লাবৰ বাকৰি, হাস্পতাল চাৰিআলি, জখলাবন্ধাত  ৭ চেপ্তেম্বৰ, দেওবাৰে বিয়লি ৫.০০ বজাৰ পৰা কলিয়াবৰীয়া ভূপেনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি  অনুষ্ঠিত হ'ব বুলি  উদ্যোক্তাসকলে জনাইছে। উল্লেখ্য যে¸ কলিয়াবৰে সম্বন্ধ দৃঢ় কৰা সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত কুসুম বৰাই ৰচনা কৰা ভূপেনদাৰ কণ্ঠৰ সেই বিখ্যাত "এইখন কলিয়াবৰ" শীৰ্ষক গীতটি গাই শতাধিক শিল্পীয়ে ভূপেনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

"এইখন কলিয়াবৰ" গীতটিৰ আখৰা মূল গীতটিৰ সুৰকাৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ যোগেন বৰদলৈৰ তত্বাৱধানত ইতিমধ্যে কলিয়াবৰ প্ৰেছ ক্লাবত কলিয়াবৰৰ জ্যেষ্ঠ-কনিষ্ঠ গায়ক-গায়িকাই আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰায় শতাধিক গায়ক-গায়িকাই পৰিৱেশন কৰিবলগীয়া 'এইখন কলিয়াবৰ' শীৰ্ষক গীতটিৰ লগতে কলিয়াবৰ আৰু কলিয়াবৰীয়া ব্যক্তিৰ সংস্পৰ্শৰে সংপৃক্ত দুটি মান গীতো স্থানীয় গায়ক-গায়িকাই পৰিৱেশন কৰিব।

সঙ্গীতসূৰ্যৰ গুণমুগ্ধ আৰু কলিয়াবৰবাসীৰ সহযোগিতা আশা কৰিছে কলিয়াবৰ ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌ক্লাবে।

সুধাকণ্ঠ