/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2-2026-02-26-19-29-49.jpeg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ বহুমুখী প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থী সকলৰ উপস্থিতিত "Reflection of Indian knowledge system in the satra institutions of Kaliabor" শীৰ্ষক এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-im-2026-02-26-19-27-04.jpeg)
মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী প্ৰিয়া দেয়ে আতঁ ধৰা অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱা। তেখেতে ভাষণৰ জৰিয়তে সত্ৰসমূহৰ সৃষ্টিৰাজিৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলৰ আগত অৱগত কৰে। ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰসাৰত সত্ৰ সমূহৰ অৱদানৰ কথা তেখেতে সাৱলীলভাবে বৰ্ণনা কৰে।
তেখেতে ভাষণৰ জৰিয়তে কলিয়াবৰ অঞ্চলত থকা সত্ৰসমূহৰ বিষয়েও উপস্থিত সকলোৰে আগত বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তিলেশ্বৰ কুম্বাঙৰ লগতে জ্যেষ্ঠ অধ্যাপিকা পল্লৱী শৰ্মাইয়ো বক্তব্য আগবঢ়ায়। উপস্থিত ছাত্ৰ-ছাত্ৰী সকলেও ড° বেজবৰুৱা দেৱক সত্ৰসমূহৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰি বৰ সাৱলীল ভাবে প্ৰশ্ন সমূহৰ উত্তৰ প্ৰদান কৰে। মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী হিমাংশু ভাৰত বৰাই শলাগৰ শৰাই আগবঢ়াই। প্ৰায় দুই ঘণ্টা ধৰি চলা এই অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু নৈতিক উত্তৰণৰ বাবে আশাপ্ৰদ হ'ব বুলি উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-im-2026-02-26-19-27-47.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us