/asomiyapratidin/media/media_files/2026/02/14/3-2026-02-14-21-04-07.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ বিশিষ্ট কবি,নাট্যকাৰ,পৰিচালক তথা শব্দশিল্পী প্ৰয়াত ৰফিকুল হুছেনৰ বিয়োগত কলিয়াবৰৰ কেইবাটাও অনুষ্ঠানৰ যুটীয়া উদ্যোগত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । প্ৰয়াত বিশিষ্ট শিল্পীগৰাকীৰ সৈতে থকা কলিয়াবৰৰ সম্পৰ্ক তথা কলিয়াবৰৰ নাট্যক্ষেত্ৰত বহুদিনীয়া সম্পৰ্ক ৰোমন্থন কৰি কলিয়াবৰৰ নৱ প্ৰজন্মৰ প্ৰচাৰবিমুখ প্ৰয়াত শিল্পীগৰাকীক জীয়াই ৰাখি তেখেতৰ সৃষ্টিৰাজিক সজীৱ কৰাৰ প্ৰয়াস এই স্মৃতিচাৰণ সভাত ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsap-2026-02-14-21-02-31.jpeg)
সাংবাদিক পেঞ্চনাৰ তথা নাট্যকৰ্মী নৃপেন কেওটৰ সভাপতিত্বত শনিবাৰে কলিয়াবৰ কুঁৱৰীটোলস্থিত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত স্মৃতিচাৰণ সভাত প্ৰয়াত ৰফিকুল হুছেইনৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে কলিয়াবৰৰ এগৰাকী প্ৰবীন নাট্যকৰ্মী সৰ্বেশ্বৰ শইকীয়াই। কলিয়াবৰৰ বিশিষ্ট নাট্যকাৰ ভূপন্দ্ৰ নাথ হাজৰিকাই প্ৰয়াত শব্দশিল্পী গৰাকীৰ কলিয়াবৰৰ সৈতে থকা বহু পুৰণি সম্পৰ্কৰ সন্দৰ্ভত আঁতধৰাৰ পাছতেই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট নাট্যকৰ্মী প্ৰদীপ হাজৰিকা, কলিয়াবৰ শাখা সাহিত্যসভাৰ সভাপতি দিলীপ হাজৰিকা, কলিয়াবৰ শাখা সাহিত্যসভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুণিন হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক মৃগাংকশেখৰ ভড়ালী হাজৰিকাই শিল্পী গৰাকীৰ স্মৃতিচাৰণ কৰে।
অনুস্থানত কলিয়াবৰৰ নাট্যক্ষেত্ৰখনত জড়িত সমুদ্ৰ বৰদলৈ, কিৰণ বৰা, মৃদুল হাজৰিকা, মুৰুলী বৰা, বিশিষ্ট নাট্যকাৰ বিৰাজ ভূষণ বৰা, সমীৰণ বৰা, মহেন্দ্ৰ কাকতি, অসম নাট্য সন্মিলনৰ কলিয়াবৰ শাখাৰ সভাপতি, সম্পাদক ক্ৰমে প্ৰশান্ত প্ৰতিম হাজৰিকা, শৈলেন্দ্ৰ গোস্বামী, সমলয় গোষ্ঠীৰ সভাপতি হেম বৰা, চিত্ৰলেখা ড্ৰামা প্ৰডাকচনৰ সভাপতি নৱ কুমাৰ বৰা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি,সম্পাদক ক্ৰমে ৰিতুপৰ্ণ গোস্বামী আৰু প্লাৱন বৰা, কলিয়াবৰ শাখা সাহিত্যসভাৰ সম্পাদক জগত মেধি, কলিয়াবৰ প্ৰেছ ক্লাবৰ সম্পাদক গৌতম কুমাৰ বৰাৰ লগতে নাট্যক্ষেত্ৰ তথা সংস্কৃতিৰ পথাৰখনৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰয়াত শব্দশিল্পী ৰফিকুল হুছেইনদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্মৃতিচাৰণ কৰে । শব্দশিল্পী তথা বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেন দেৱৰ মৰিগাঁৱত থকা অৱস্থাত ৭ ফেব্ৰুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকগামী হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us