/asomiyapratidin/media/media_files/2026/01/18/2-2026-01-18-10-55-48.jpg)
ডিজিটেল ডেস্কঃ কলিয়াবৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইপিনে তিনিখনকৈ হেলিকপ্টাৰ অৱতৰণ কৰিছে অস্থায়ী হেলিপেডত। কিছু সময় পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-202-2026-01-18-10-56-50.jpeg)
উল্লেখ্য যে- কলিয়াবৰৰ মৌচন্দা পথাৰত উখল-মাখল পৰিৱেশ। ডেৰ লক্ষাধিক লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ সভাত।ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা স্ব-চক্ষে প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক। প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু সময় পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব । প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব। লগতে যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অসমবাসীক উপহাৰ দিব দুখনকৈ ‘অমৃত ভাৰত এক্সপ্ৰেছ’। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ৰে'লে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সংযোগ ব্যৱস্থা অধিক সুচল আৰু আৰামদায়ক কৰি তুলিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-10-57-12.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us