/asomiyapratidin/media/media_files/2025/09/18/flood-18-2025-09-18-20-32-06.jpg)
ডিজিটেল সংবাদ কলিয়াবৰঃ কেইবাদিনো ধৰি পাহাৰত হৈ থকা বৰষুণৰ ফলত কলিয়াবৰ আৰু চামগুৰি ৰাজহ চক্ৰৰ পাহাৰৰ দাঁতিকাষৰীয়া ২২ খন গাঁও বানৰ কবলত পৰিছে। কালাপানী,ডিজু, আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত এই গাঁওকেইখন বানৰ কবলত পৰিছে।
কলিয়াবৰ ৰাজহ চক্ৰৰ কেলিডেন, বৰঘাট চাহবাগিচাৰ ৩ নং লাইন, ডিজুভেলী, ৰৌমাৰী, কালাপানী, বৰালিগাঁও, নিজ মিছামুখ, শালবাৰী আৰু চামগুৰি ৰাজহ চক্ৰৰ নিজ ২নং গৰুমাৰা, ১ নং গৰুমাৰা, কুহুমতলি আমণাগাও, ব্ৰহ্মচাৰি সত্ৰ, মিছাগাঁও, চকীটুপ, গটঙা, সোনাৰিবালি, শিয়ালেখাটি ভোমোৰাগুৰি, খলিহামাৰী আদি গাঁও বানৰ কবলত পৰিছে।
কলিয়াবৰ ৰাজহ চক্ৰত ৪৬৮ গৰাকী আৰু চামগুৰি ৰাজহ চক্ৰত ২৪২০ গৰাকী লোক বানত আক্ৰান্ত হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে কলিয়াবৰ ৰাজহ চক্ৰৰ সালনা বাপুজী এল পি স্কুল আৰু চামগুৰি ৰাজহ চক্ৰৰ মাল্টি পাৰপাছ হল, আমলখি গাঁও পঞ্চায়ত, দক্ষিণ খলিহামাৰী এল পি স্কুল আমনিবস্তি এল পি স্কুলত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে।
জিলা প্ৰশাসনে বানাক্ৰান্তৰ মতে মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে। ইপিনে বৃহস্পতিবাৰে বিয়লি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লয়৷