/asomiyapratidin/media/media_files/2026/02/04/1-2026-02-04-09-27-20.jpg)
ডিজিটেল ডেস্কঃ হাতী-মানুহৰ সংঘাত ৰাজ্যৰ এক সমাধান নোহোৱা সমস্যালৈ পৰিণত হৈছে। প্ৰতিদিনে বিভিন্ন প্ৰান্তত বন্যহস্তীয়ে উপদ্ৰৱ চলাই অনিষ্ট কৰিছে সাধাৰণ ৰাইজৰ সা-সম্পত্তি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণ। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল এজন লোকৰ।
লেংটেং চাহ বাগিচাৰ আমগুৰিত হাতীৰ আক্ৰমণত নিহত এজন বৃদ্ধ। নিহত লোকজনৰ নাম মাটিয়াছ চুৰিন। নিশা ঘৰৰ সমীপতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে লোকজনক। নিশা প্ৰায় চাৰে এঘাৰ বজাত বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাইছিল অঞ্চলটোত। সেই সময়তে লোকজন ঘৰৰ বাহিৰলৈ ওলাই আহোতেই আক্ৰমণ কৰে হাতীয়ে। বন বিভাগৰ লোকে লোকজনক ততাতৈয়াকৈ চিমনাবস্তি চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। নিশা দক্ষিণ ডিজু সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীৰ জাকটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us