/asomiyapratidin/media/media_files/2025/10/02/aaddaadda-2025-10-02-19-48-55.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়ো সকলৰ প্ৰথম গৰাকী বিশ্বপ তথা আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰখ্যাত খ্ৰীষ্টীয় ধৰ্মযাজক ৰেভাৰেণ্ড নিত্যানন্দ বৰগয়াৰীৰ সোঁৱৰণত আজি ধন্যবাদ জ্ঞাপন আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয় । কোকৰাঝাৰ জিলাৰ বালাজান তিনালীৰ নিকটৰ গৌৰাং মিচনৰ খেলপথাৰত খ্ৰীষ্টীয় নীতি -নিয়মেৰে ধৰ্মযাজকগৰাকীৰ সোঁৱৰণত ধন্যবাদজ্ঞাপন আৰু স্মৃতিচাৰণ অনুষ্ঠানটি সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি আদৰণি ভাষণ আগবঢ়ায় গৌৰাং মণ্ডলৰ সভাপতি চিমচন মুছাহাৰীয়ে। ইয়াৰ পিছতে ধন্যবাদসূচক প্ৰাৰ্থনা ৰেভাৰেণ্ড পিয়াৰী মুছাহাৰীয়ে ।
কাৰ্যসূচীত বাইবেলৰ শ্লোক পঢ়ে অসমীয়াত ৰেভাৰেণ্ড বজেন বৰ্মন, বড়োত সমীৰণ বসুমতাৰী আৰু চাওতালীত ৰেভাৰেণ্ড জেমচ চৰেনে । ইয়াৰোপৰি বিভিন্ন বক্তাই ৰেভাৰেণ্ড বিশ্বপ নিত্যানন্দ বৰগয়াৰীৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে। ইয়াৰ ভিতৰত এনইএলচিৰ মডাৰেটৰ ৰেভাৰেণ্ড বিশ্বপ ইছিলাছ বসুমতাৰী , এনইএলচিৰ সম্পাদক ইছমায়েল মুৰ্মু , বিবিচিএৰ সাধাৰণ সম্পাদক ড° অৰ্জুন বসুমতাৰী , বিইএলচিৰ বিশ্বপ ঈশাহাক মুছাহাৰী , এল ডব্লিউ এচৰ সঞ্চালক কিশোৰ কুমাৰ নাগ , গৌৰাং চাৰ্কোলৰ সভাপতি ফনীন্দ্ৰ বৰগয়াৰী আদিকে ধৰি আন বহু বিশিষ্টই প্ৰয়াত ৰেভাৰেণ্ড বিশ্বপ নিত্যানন্দ বৰগয়াৰীৰ জীৱন আৰু দৰ্শনৰ ওপৰত ভাষণ দিয়ে ।
আনহাতে মৃতকৰ পৰিয়াললৈ প্ৰাৰ্থনা কাৰ্যসূচী ৰূপায়ন কৰে ফাদাৰ কুলান্দইস্বামীয়ে । অনুষ্ঠানৰ মাজে মাজে বিশেষ প্ৰাৰ্থনা সংগীত গোৱা হয় আৰু সৰ্বশেষত ৰঞ্জিতা খৃষ্টি বৰগয়াৰীয়ে শলাগৰ শৰাই আগবঢ়ায় । আজিৰ অনুষ্ঠানত বিধায়ক লৰেন্স ইছলাৰী , বিধায়ক জিৰণ বসুমতাৰী, এবছুৰ উপ -সভাপতি খৌৰৌমদাও ওৱাৰী , বিটিচিৰ এমচিএলএ ক্ৰমে জেমচ বসুমতাৰী , উইলিয়াম বসুমতাৰীকে আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰাৰ লগতে সহস্ৰাধিক গুণমুগ্ধই অংশগ্ৰহণ কৰে । আজিৰ অনুষ্ঠানতে নিত্যানন্দ বৰগয়াৰীৰ সোঁৱৰণত স্মৰণিকাও প্ৰকাশ কৰি উলিওৱা হয় ।
উল্লেখ্য যে সহস্ৰলোকক কন্দুৱাই যোৱা ২২ ছেপ্টেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নি:শ্বাস ত্যাগ কৰিছিল বড়োসকলৰ প্ৰথমগৰাকী বিশ্বপ তথা বালাজান তিনালীৰ মাইনাওবিলিৰ বাসিন্দা নিত্যানন্দ বৰগয়াৰীয়ে । নিত্যানন্দ বৰগয়াৰী খ্ৰীষ্টীয় সমাজত দেশে -বিদেশে সমাদৃত আছিল আৰু আমেৰিকাৰ তিনিখন গিৰ্জাত পেষ্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ডেনমাৰ্ক , নৰৱে , চুইডেনকে ধৰি কেবাখনো বিদেশী ৰাষ্ট্ৰ ধৰ্মীয় কাৰণত ভ্ৰমন কৰাৰ উপৰিও লজ এঞ্জেলচত আয়োজিত হোৱা ধৰ্মীয় অধিবেশনত দুবাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।
তেওঁ অসমীয়া , বড়ো , ইংৰাজী ভাষাত বহু খ্ৰীষ্টধৰ্মীয় পুথি ৰচনা কৰাৰ লগতে বহুসংখ্যক প্ৰৱন্ধ লিখিছিল।শান্তিৰ বাবে কাম কৰা , সৎ আৰু সততাৰে জীৱন নিৰ্বাহ কৰিবলৈ শিকোৱা, শিক্ষাক অগ্ৰাধিকাৰ দিয়া, ধৰ্মীয় শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ, শিক্ষানুষ্ঠান নিৰ্মান কৰাৰ কামত ওৰেটো জীৱন কটোৱা নিত্যানন্দ বৰগয়াৰীৰ সোঁৱৰণত আজি দিনজোৰা কাৰ্যসূচীৰে গৌৰাং মিচনত আয়োজিত হোৱা স্মৃতিচাৰণ অনুষ্ঠানত জাতি -ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰে ।