/asomiyapratidin/media/media_files/2025/11/29/ujjjdd-2025-11-29-17-32-00.jpg)
ডিজিটেল ডেস্কঃ ছাত্ৰ বিদ্ৰোহে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে কোকৰাঝাৰত। বি টি চিৰ হৃদপিণ্ড স্বৰূপ বি টি চি সচিবালয়ত প্ৰৱেশ কৰি সচিবালয়ৰ আচবাব ভঙাৰ লগতে জনজাতিকৰণ প্ৰস্তাৱৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম বিধানসভাত ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰ প্ৰস্তুত হোৱাৰ সময়তে লক্ষ্যণীয়ভাৱে এই প্ৰতিবাদে উগ্ৰ ৰূপ ধাৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/8aae3dc8-1129-4bf7-b432-7f2589d6dbae-2025-11-29-17-34-18.jpg)
কোনো কাৰণতে ৬জনগোষ্ঠীৰ জনজাতিকৰণ মানি লোৱা নহ’ব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰি কয়- হাগ্ৰামা মহিলাৰীয়ে সেউজ সংকেত দিলে তেওঁৰ ঘৰতো প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। প্ৰতিবাদকাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠাবলৈ নিৰাপত্তাৰক্ষীয়ে চেষ্টা কৰে যদিও আৰক্ষী তথা প্ৰশাসনৰ বুজনিক আওকাণ কৰি তেওঁলোকে প্ৰতিবাদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিয়েই থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/f09b0d5f-3448-481f-aa10-672e714dfd68-2025-11-29-17-34-29.jpg)
প্ৰতিবাদকাৰীসকল আছিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আমালৈ অহা তথ্য অনুসৰি, সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে সচিবালয়ৰ ভিতৰত প্ৰৱেশ কৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনকি তেওঁলোকে বি টি চিৰ সদনৰ ভিতৰত প্ৰৱেশ কৰি তাত থকা চকীসমূহো দলিয়াই দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/23a68747-92f1-49e3-b1b0-9a1418b68c58-2025-11-29-17-34-38.jpg)
প্ৰতিবাদী সমদলকাৰীসকলে হাগ্ৰামা মহিলাৰী হুছিয়াৰ,হাগ্ৰামা মহিলাৰী গ’ বেক, বিশ্বজিত দৈমাৰী মুৰ্দাবাদ, প্ৰমোদ বড়ো গ’ বেক,অসম চৰকাৰ হায় হায়,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,ৰণোজ পেগু মুৰ্দাবাদ, ৰৌণগৌড়া নাৰ্জাৰী মুৰ্দাবাদ, উৰ্খাও গৌৰা ব্ৰহ্ম হুছিয়াৰ, গ’ বেক,চৰণ বড়ো গ’ বেক,ৰিহণ দৈমাৰী মুৰ্দাবাদ.চিচিটিঅএ জিন্দাবাদ,ট্ৰাইবেল ইউনিটি জিন্দাবাদ,ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক,উই ৱান্ট জাষ্টিছ ,এন্টি ট্ৰাইবেল হুছিয়াৰ,জৈ বড়ো হাৰিনী জৈ আদি নানা ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/cd1ad328-81b1-40b3-8abb-6f8283adb7e4-2025-11-29-17-34-58.jpg)
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰৱৰ্তী সময়ত আৰক্ষী উচ্চ পদস্থ বিষয়াৰ লগতে কামাণ্ডো বাহিনীও নিয়োগ কৰিব লগা হয়। যি সময়ত চাহ শ্ৰমিকৰ পৰিয়ালক ৰাজ্য চৰকাৰে মাটি প্ৰদান কৰিছিল, ৬জনগোষ্ঠীৰ অন্যতম চাহ শ্ৰমিকসকলক জনজাতিকৰণৰ মৰ্যদা দিয়াক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল। সেই সময়ত এই প্ৰতিবাদে অন্য ৰূপ ধাৰণ সম্ভাৱনা আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us