কোকৰাঝাৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিশেষ কাৰ্যসূচী

জুবিনৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে কোকৰাঝাৰত বিশেষ কাৰ্যসূচীৰ আয়োজন। আজিৰ দিনটোত হাগ্ৰামা মহিলাৰীয়ে প্ৰথমে জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছতে ৰক্তদান কাৰ্যসূচী আৰম্ভ হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 11.59.52 AM

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ তুমি নাই,কেনেকৈ মানো। আজিৰ এই বিশেষ দিনটোত প্ৰতিজন অসমীয়াই তুমি বিহীন প্ৰথমটো জন্মদিন উদযাপন কৰিছে। 

উল্লেখ্য যে জুবিনৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে কোকৰাঝাৰত বিশেষ কাৰ্যসূচীৰ আয়োজন। আজিৰ দিনটোত হাগ্ৰামা মহিলাৰীয়ে প্ৰথমে জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছতে ৰক্তদান কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছতে জুবিন গাৰ্গ উদ্যানৰ আধাৰশীলা স্থাপন কৰাৰ লগতে নাহৰৰ গছ পুলি ৰোপন কৰা হয়। 
 

তাৰোপৰি গছপুলি ৰোপনৰ পিছত হাগ্ৰামা মহিলাৰীৰ মন্তব্য কৰে যে -  ৩০ বিঘা মাটিত ২৫- ৩০ কোটি ব্যয় সাপেক্ষে নিৰ্মান কৰিব এই জুবিন গাৰ্গ উদ্যানখন। সুন্দৰভাৱে নিৰ্মান কৰিব পাৰ্কখন । আনফালে বিটিচিত ড° ভূপেন হাজৰিকাৰ নামতো প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব। গোসাঁইগাঁৱত শংকৰদেৱৰ নামতো ভৱন নিৰ্মান কৰাৰ লগতে বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গে যিখন বিদ্যালয়ত  পঢ়িছিল  সেই বিদ্যালয়ৰ আন্ত:গাঁথনি উন্নয়ন কৰিব ।

আনপিনে হাগ্ৰামা মহিলাৰীয়ে কয় যে - জুবিন গাৰ্গ মোৰ অন্যতম বন্ধু আছিল । বন্ধু জুবিনৰ নামত নিৰ্মিত হবলগীয়া পাৰ্কখন আটকধুনীয়া কৰি গঢ়ি তোলা হ'ব ।

কোকৰাঝাৰ জুবিন গাৰ্গ