কোকৰাঝাৰত ৪২০ জন ভিচিডিচি সচিবক নিযুক্তি পত্ৰ প্ৰদানঃ ২৬ খন চৰকাৰী বাহনো বিতৰণ

বিটিচিৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত এক অনুষ্ঠানৰ জৰিয়তে নৱনিযুক্ত ৪২০ জন ভিচিডিচি সচিবক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত ৪২০ জন ভিচিডিচি সচিবক নিযুক্তি পত্ৰ প্ৰদানঃ ২৬ খন চৰকাৰী বাহনো বিতৰণ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচিৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আজি কোকৰাঝাৰ চন্দামাৰীৰ বডোফা সাংস্কৃতিক প্ৰকল্পত এক অনুষ্ঠানৰ জৰিয়তে নৱনিযুক্ত ৪২০ জন ভিচিডিচি সচিবক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।  ইয়াৰ লগতে বিটিচিৰ অধীনত ডিআৰডিএৰ(DRDA) প্ৰকল্প সঞ্চালক আৰু ব্লক উন্নয়ন বিষয়াসকলক ২৬খন চৰকাৰী বাহন বিতৰণ কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সুষম আৰু সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰাম্য শাসনৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি আৰু পদক্ষেপৰ জৰিয়তে গ্ৰাম্য জনসাধাৰণৰ সবলীকৰণৰ বাবে কাম কৰি আছে।

সেয়ে নতুন নিযুক্তিপ্ৰাপ্তসকলক সম্বোধন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে তেওঁলোকক আন্তৰিকতা, নিষ্ঠা আৰু সহানুভূতিৰে জনসেৱাৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে ‘মানসিকভাৱে ৰাইজক সহায় কৰিবলৈ সাজু থাকক। যিসকল মানুহে কিবা কাম বা কিবা সঠিক তথ্যৰ বাবে তেওঁলোকৰ তাত আহে তেওঁলোকক কেতিয়াও 'না' ক'ব নালাগে। তেওঁলোকক পৰামৰ্শ আৰু সঠিকভাৱে সহায় কৰা উচিত”।        

উক্ত অনুষ্ঠানত উপ-মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী, কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, ড° নিলুৎ স্বৰ্গীয়াৰী আৰু ড° ধৰ্ম নাৰায়ণ দাস, পাৰিষদ মাধৱ চন্দ্ৰ চেত্ৰী সহ বিভাগীয় শীৰ্ষ বিষয়া উপস্থিত থাকে।

নিযুক্তি কোকৰাঝাৰ