ঝাৰখণ্ডতো বোমা বিস্ফোৰণৰ সতে জড়িত আছিল নিহত এপিল মুৰ্মু

আৰক্ষীৰ অভিযানত ৰে'লপথত বোমা বিস্ফোৰণৰ সতে জড়িত এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মুৰ(৪০) মৃত্যু হয়। এই এনকাউণ্টাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে কোকৰাঝাৰ আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
AP WEB 2 (4)

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ ৰে'লপথত বোমা বিস্ফোৰণৰ সতে জড়িত উগ্ৰবাদীৰ সন্ধানত নাদাংগুৰীত চলিছিল আৰক্ষীৰ অভিযান। এই অভিযানত ৰে'লপথত বোমা বিস্ফোৰণৰ সতে জড়িত এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মুৰ(৪০) মৃত্যু হয়। এই এনকাউণ্টাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে কোকৰাঝাৰ আৰক্ষীয়ে।

সংবাদমেলত আৰক্ষীয়ে উল্লেখ কৰে যে, নিহত এপিল মুৰ্মু ইয়াৰপূৰ্বে ঝাৰখণ্ডতো বোমা বিস্ফোৰণৰ সতে জড়িত আছিল যোৱা বছৰৰ অক্টোবৰ মাহত ঝাৰখণ্ডৰ ৰে'লপথত বোমা বিস্ফোৰণ কৰি তেওঁ অসমলৈ পলাই আহিছিল। 

আৰক্ষীয়ে লগতে সদৰী কৰে যে, ঝাৰখণ্ডত তেওঁ ৰোহিত মুৰ্মু বুলি পৰিচিত পিছে, কোকৰাঝাৰ জিলাৰ  কচুগাঁও গ্ৰাহমপুৰৰ বাসিন্দা হিচাপে তেওঁ এপিল মুৰ্মু বুলি পৰিচিত। পূৰ্বতে তেওঁ নাছলা নামৰ উগ্ৰবাদী সংগঠনৰ সদস্য আছিল। নাছলাই আত্মসমৰ্পন কৰাত তেওঁ আত্মসমৰ্পন নকৰি ঝাৰখণ্ডলৈ পলাই গৈছিল আৰু তাতে নাছলা গোট খুলি কামাডেণ্ট হৈছিল। ইয়াৰ পিছতে তেওঁ মাওবাদীৰে সম্পৰ্ক গঢ়ি তুলিছিল। ৰোহিত মুৰ্মুক বিচাৰি ঝাৰখণ্ডৰ পৰা এটা আৰক্ষীৰ দল অসমলৈ আহিছিল । ২০১৫ চনৰ পৰা ঝাৰখণ্ডত তেওঁ কুটাঘাতমূলক কাৰ্য কৰিছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, ঘটনাস্থলীৰ পৰা পিষ্টল , গ্ৰেণেড, ভোটাৰ কাৰ্ড, ঝাৰখণ্ডৰ আধাৰকাৰ্ড উদ্ধাৰ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অভিযান। 

কোকৰাঝাৰ আৰক্ষী কোকৰাঝাৰ