ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত আমগুৰিত আজি এগৰাকী মহিলাৰ মৃতদেহ নদীত ওপঙি থকা অৱস্থাৰ পৰা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
মৃত মহিলাগৰাকীক চিৰাং জিলাৰ ৰুণীখাতাৰ কোচমোটিকা টুডু(৪২)বুলি চিনাক্ত কৰা হৈছে ।
কাৰিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংগাৰাজ চেত্ৰীয়ে সদৰি কৰা মতে ৰাতিপুৱা গাঁওৱাসীৰ খবৰৰ ভিত্তিত আমগুৰীত থকা লুংচুং উপনৈৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।
প্ৰাথমিক তদন্তত মহিলাগৰাকীক চিৰাং জিলাৰ ৰুণীখাতাৰ কোচমোটিকা টুডু(৪২)বুলি চিনাক্ত কৰা হৈছে আৰু মৃত মহিলাগৰাকী শাৰীৰিকভাৱে অসুস্থ্য আছিল বুলি সদৰি কৰিছে কাৰিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংগাৰাজ চেত্ৰীয়ে ।