/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/for-web-AP-full-no-ad.jpg)
ডিজিটেল ডেস্কঃ কিছু বছৰৰ পূৰ্বে ডিফুত সংঘটিত হৈছিল এনে এক কৰুণ ঘটনা। অনুৰূপ এক ঘটনাই সংঘটিত হ'ল গোসাইগাঁৱত। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত তুলসীবিল বজাৰত পিতৃ-মাতৃসহ তিনি কন্যাই চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলবাসীক শোকাহত কৰি তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/suiside-1-1024x1024.jpg)
প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিৰ্মল পালৰ লগতে তেওঁৰ পত্নী মল্লিকা পাল, জ্যেষ্ঠ কন্যা দীপা পাল, পূজা পাল আৰু স্নেহা পালে একেলগে আত্মহত্যা কৰে। শোৱনি কোঠাত দেওবাৰৰ নিশা আত্মহত্যা কৰা এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।ট
উল্লেখযোগ্য যে, নিৰ্মল পালৰ তুলসীবিল বজাৰত এখন গেছৰ দোকান আছে। পিতৃসূত্ৰে লাভ কৰা এই গেছৰ দোকানখন তেওঁ ভালদৰে চলাব পৰা নাছিল। কোৰোনা সংক্ৰমণৰ সময়ত লকডাউন হোৱাৰ বাৰে ব্যৱসায়ত যথেষ্ট ক্ষতি হৈছিল নিৰ্মল পালৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/suiside-2-1024x1024.jpg)
যথেষ্ট সংখ্যক ধনৰ ঋণ আছিল নিৰ্মল পালৰ। সেই ধাৰ পৰিশোধ কৰিব নোৱাৰি পত্নী আৰু ৩কন্যাসহ আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে, জ্যেষ্ঠা কন্যা স্নাতকোত্তৰ, মাজু কন্যা উচ্চতৰ মাধ্যমিক আৰু সৰু কন্যা হাইস্কুলত অধ্যয়নৰত আছিল। ইতিমধ্যে আৰক্ষীয় স্থানীয় লোকৰ সহযোগত তেওঁলোকৰ মৃতদেহ সমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।