/asomiyapratidin/media/media_files/2025/01/22/w1SWboVJLgRUlOwXtzN5.jpg)
জনতাৰ দূৰ্ভোগ , হাৰাশাস্তি Photograph: (জনতাৰ দূৰ্ভোগ , হাৰাশাস্তি)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম চৰকাৰে নীতি বহিৰ্ভূতভাৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক আন্ত: জিলালৈ বদলি কৰা কাৰ্যৰ প্ৰতিবাদত আজি কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলে সৰ্বাত্মক অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে।
মাজুলীৰ জিলা জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গৌতম ভূঞাক মাজুলীৰ পৰা যোৰহাটলৈ বদলি কৰাৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলে অসহযোগ কাৰ্য্যসূচী পালন কৰি অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰে ।
সৰ্বাত্মক কাৰ্ষসূচীৰ সময়ত কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক আন্ত: জিলালৈ বদলি কৰা কাৰ্য নচলিব, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা জিন্দাবাদ আদি ইত্যাদি শ্লোগানেৰে জিলা আয়ুক্তৰ কাৰ্যালয় মুখৰিত কৰি তোলে।
সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক মতিলাল দাসে চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে । এয়া নিয়ম বহিৰ্ভূত বুলি মন্তব্য কৰি চৰকাৰে উক্ত সিদ্ধান্ত বাতিল নকৰিলে অহা ২৭ জানুৱাৰীৰ পৰা পুণৰাই অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি সদৰি কৰিছে।
উল্লেখ্য যে আজিৰ অসহযোগ কাৰ্যসূচীৰ ফলত জিলা আয়ুক্তৰ কাৰ্যালয়ত কামকাজ সমুহ স্থবিৰ হৈ পৰে আৰু ফলত জনতাই দূৰ্ভোগ আৰু হাৰাশাস্তিত ভোগে । উল্লেখ্য যে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সঞ্জু দেৱৰয়কে ধৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰায় সমুহ সদস্যই অংশগ্ৰহণ কৰে ।