পোষণ অভিযানৰ কেয়াৰ আঁচনি মুকলিঃ এগৰাকী পুষ্টিহীনতা শিশুৰ দায়িত্ব ললে প্ৰমোদ বড়োৱে…

পোষণ অভিযানৰ কেয়াৰ আঁচনি মুকলিঃ এগৰাকী পুষ্টিহীনতা শিশুৰ দায়িত্ব ললে প্ৰমোদ বড়োৱে…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত থকা ৬৪৮ গৰাকী পুষ্টিহীনতাত ভোগা শিশুৰ ভিতৰত এগৰাকী শিশুৰ দায়িত্ব ললে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। কোকৰাঝাৰ জিলা প্ৰশাসন ,সমাজকল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত আজি চান্দামাৰী আই টি পাৰ্কত পোষণ অভিযান সফল কৰি তুলিবলৈ কেয়াৰ আঁচনি মুকলি কৰি প্ৰমোদ বড়োৱে এগৰাকী পুষ্ঠিহীনতা শিশুক তুলি লোৱাৰ কথা ঘোষণা কৰিছে । কোকৰাঝাৰত সৰ্বমুঠ ৬৪৮ গৰাকী পুষ্ঠিহীনতাত ভোগা লোক আছে আৰু উক্ত লোকসকলক পুষ্ঠিহীনতাৰ পৰা মুক্ত কৰিবলৈ হলে কোনোবা নহয় কোনোবাই তেওঁলোকক লালন- পালন ( adopt)কৰিব লাগিব বুলি মন্তব্য কৰি ইয়াৰে এগৰাকী পুষ্ঠিহীনতা ভোগা শিশুৰ দায়িত্ব লয় প্ৰমোদ বড়োৱে । পুষ্ঠিহীনতাত ভোগা আন শিশুসকলোকো বিষয়া – কৰ্মচাৰীসকলে পালন কৰিব লাগিব আৰু যেতিয়ালৈকে অৱস্থাৰ উন্নতি নহয় তেতিয়ালৈকে তেওঁলোকক চাব লাগিব বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে সমাজৰ পৰা পুষ্ঠিহীনতা দুৰ কৰিবই লাগিব বুলি মন্তব্য কৰিছে । তদুপৰি পুষ্ঠিহীনতাতত ভোগা লোকসকলক কাঠফুলা যোগান ধৰা হব আৰু বিদ্যালয়ত অব্যাহত থকা খেলো ইণ্ডিয়া কাৰ্যসূচীত যোগদান কৰাই শিশুসকলৰ শাৰিৰীক আৰু বৌদ্ধিক বিকাশত গুৰুত্ব দিয়া হব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে এটা বছৰৰ ভিতৰতে পুষ্ঠিহীনতা সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে ।
ইয়াৰোপৰি পুষ্ঠিহীনতা দুৰ কৰিবলৈ বিটিচি প্ৰশাসনৰ ফালৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্ঠম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলক মাশ্বৰূম বিস্কুটৰ যোগান ধৰা হব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে । পোষণ অভিযানৰ সতে সংগতি ৰাখি আজি প্ৰমোদ বড়োৱে কোকৰাঝাৰ কেয়াৰ নামৰ আঁচনিৰ অধীনত ONAINI (মৰমৰ চিন) JWTHWN (যত্ন) নামৰ প্ৰকল্পও মুকলি কৰাৰ লগতে আজি চিৰাং জিলাত কাঠফুলা প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ।
উল্লেখ্য যে আজিৰ অনুষ্ঠানত কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালি ডেকা ,বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিটিচিৰ সচিব প্ৰধান অনুৰাগ গোৱেল আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়োটেকনোলজী বিভাগৰ ডীন ড° সন্দীপ দাস উপস্থিত থাকে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in