কোকৰাঝাৰত বিএড পাঠ্যক্ৰমৰ নামভৰ্ত্তিক লৈ চৰকাৰী হস্তক্ষেপ…

কোকৰাঝাৰত বিএড পাঠ্যক্ৰমৰ নামভৰ্ত্তিক লৈ চৰকাৰী হস্তক্ষেপ…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত বিএড পাঠ্যক্ৰমৰ নামভৰ্ত্তিক লৈ চৰকাৰী হস্তক্ষেপ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ বি এড মহাবিদ্যালয়ত শেহতীয়াকৈ শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰমত নামভৰ্ত্তিৰ নামত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ অ এচ ডিয়ে চৰকাৰী ৰাইটিং পেডত স্বাক্ষৰ ,ছীল ব্যৱহাৰ কৰি ১৪ জন শিক্ষাৰ্থীক নামভৰ্ত্তিৰ বাবে অগ্ৰাধিকাৰ দিবলৈ এক পত্ৰ প্ৰেৰণ কৰা ঘটনাই বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Advertisment

উল্লেখ্য যে, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ অএচডি ড° ছাঙগ্ৰাং ব্ৰক্ষ্মই ৰাইটিং পেডত ১৪ গৰাকী শিক্ষাৰ্থীৰ নাম লিখি তেওঁলোকক কোকৰাঝাৰ চৰকাৰী বিএড মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ অধ্যক্ষলৈ এক নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছিল । উক্ত পত্ৰ ফাদিল হোৱাত চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু ক্ষমতাৰ চৰম অপব্যৱহাৰ কৰাক লৈ সকলোৱে ধিক্কাৰ দিয়ে ।

বিএড পাঠ্যক্ৰমৰ নামভৰ্ত্তিক লৈ অএচডিৰ চৰকাৰী হস্তক্ষেপ কৰাত সবৰ্ত্ৰ আলোড়নৰ সৃষ্টি হোৱাত আজি অএচডি ড° ছাঙগ্ৰাং ব্ৰক্ষই উক্ত কাৰ্যত তেওঁ কোনোপধ্যে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে । তদুপৰি ছাঙগ্ৰাং ব্ৰক্ষই কোকৰাঝাৰ সদৰ থানাত সোঁ-শৰীৰে উপস্থিত হৈ বিএড নামভৰ্তি কেলেংকাৰী পোহৰলৈ অনা পৃথ্বিৱীৰাজ নাৰায়ন দেৱ মেচৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

উক্ত এজাহাৰত ড° ছাঙগ্ৰাং ব্ৰক্ষই ৰাইটিং পেডটোত থকা চহী আৰু ছীল তেখেতৰ নহয় বুলি মন্তব্য কৰি সমগ্ৰ অভিযোগক অস্বীকাৰ কৰিছে । ছাঙগ্ৰাংৱে বিষয়টো সন্দৰ্ভত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৱেদন জনাইছে ৷

আনপিনে কোকৰাঝাৰ চৰকাৰী বিএড মহাবিদ্যালয়ৰ অধ্যক্ষ জি কে ভাৰতীয়ে আজি সংবাদমেল আয়োজন কৰি সমগ্ৰ বিষয়টোত নিজৰ অজ্ঞাত প্ৰকাশ কৰি বিএড পাঠ্যক্ৰমৰ নামভৰ্ত্তি প্ৰসংগত উক্ত কোনো ধৰনৰ নিৰ্দেশ পত্ৰ নোপোৱা বুলি ৰহস্যজনক মন্তব্য আগবঢ়াইছে ৷ ইপিনে আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰিছে ।