/asomiyapratidin/media/media_files/2025/11/30/new-ap-web-3-2025-11-30-19-15-38.jpg)
ডিজিটেল ডেস্কঃ ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে যোৱা ২৯নৱেম্বৰ, ২০২৫ত কোকৰাঝাৰৰ বি টি চিৰ সচিবালয় লণ্ড-ভণ্ড কৰা বিষয়টোক লৈ কঠোৰ হৈছে প্ৰশাসন। ইতিমধ্যে বি টি চিৰ সচিবালয়ৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে কোকৰাঝাৰ থানাত এই ঘটনাক লৈ দাখিল কৰিছে এজাহাৰ।
উক্ত হিংসাত্মক ঘটনাৰ পাছতে বি টি চি সচিবালয়ৰ চৌপাশ আৰু কোকৰাঝাৰ চহৰ অঞ্চলক লৈ কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ভাৰতীয় সংবিধানৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ আধাৰত জিলা দণ্ডাধীশে জাৰি কৰিছে এই নিষেধাজ্ঞা।
কোকৰাঝাৰ দণ্ডাধীশ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি, ৩০নৱেম্বৰ, ২০২৫ৰ পৰা প্ৰযোজ্য হোৱাকৈ বি টি চি সচিবালয়ৰ চৌহদ আৰু কোকৰাঝাৰ চহৰ অঞ্চলত চাৰিজনকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।
চহৰখনত কোনো প্ৰতিবাদ,ধৰ্ণা, সভা-সমিতি দণ্ডাধীশৰ পৰা আগতীয়াকৈ অনুমতি নোলোৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰিব। ইয়াৰোপৰি বি টি চি সচিবালয়ত প্ৰৱেশৰ বাবে কোনো ছাত্ৰ নেতাই নেতৃত্বৰ পৰা অনুমতি পত্ৰ হাতত লৈহে আহিব লাগিব।
কোনো চৰকাৰী কাৰ্যালয়ৰ সন্মুখত বা চৌহদত ফলক, বেনাৰ, পোষ্টাৰ আঁৰিব নোৱাৰিব। সকলো বাহনৰ পৰা আঁতৰাব লাগিব ক’লা গ্লাছ। উচ্চ স্বৰৰ কোনো চাউণ্ড চিষ্টেম ব্যৱহাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ইয়াৰোপৰি আগন্তুক দিনসমূহত সকলো চৰকাৰী কৰ্মচাৰী পৰিচয় পত্ৰ লৈ বি টি চিৰ চৌহদত প্ৰৱেশ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। আগন্তুক নিৰ্দেশনা প্ৰদান নকৰালৈকে এই নিষেধাজ্ঞা জিলাখনত থাকিব বুলি জনাইছে দণ্ডাধীশ কাৰ্যালয় পৰা জাৰি কৰা নিৰ্দেশনাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us