/asomiyapratidin/media/media_files/2025/08/07/gtgtg-2025-08-07-22-27-19.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত আজি দুখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে জিলাখনৰ ৮ নং দোতমা পৰিষদীয় সমষ্টিৰ ৰামফলবিলৰ ৰূপনাথ ব্ৰহ্ম মিনি ষ্টেডিয়ামৰ খেলপথাৰ আৰু তাৰ পিছতে ফকিৰাগ্ৰাম সমষ্টিৰ পুৰণি বজাৰৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হোৱা বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিটিচি নিৰ্বাচনীৰ বাবে প্ৰচাৰ চলায় ৷
ইয়াৰে ৰামফলবিলত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অহা ছেপ্তেম্বৰ মাহত দুৰ্গা পূজাৰ আগতে বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ আগষ্ট মাহৰ ২০ ৰ পৰা ২৫ তাৰিখৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব ৷ দুৰ্গা পূজাৰ আগে আগে নিৰ্বাচনো অনুষ্ঠিত হ’ব আৰু ফলাফলো ঘোষণা হ’ব ৷ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিটিআৰত অনুষ্ঠিত হ’ব লগা পৰিষদীয় নিৰ্বাচন সঁচাকৈ এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন হ’ব ৷
বিটিআৰৰ শান্তি চুক্তি হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে বড়োলেণ্ডবাসীয়ে এখন নতুন বিটিআৰৰ বাবে ভোটদান কৰিব ৷ বিটিআৰৰ ৰাইজ সদায় শান্তিৰ পক্ষত আছে ৷ যদিও বিটিআৰৰ ৰাইজে শান্তিৰ আশাত আছিল কিন্তু আমি সেই শান্তি কেতিয়াও পোৱা নাছিলোঁ ৷ যোৱা ২০ টা বছৰত বিটিআৰত হোৱা সশস্ত্ৰ আন্দোলন, বিটিআৰত হোৱা সংগ্ৰাম এই সকলো বিলাকে আমাৰ মাজৰ পৰা চাৰি হেজাৰ যুৱকক চিৰদিনৰ বাবে আঁতৰাই লৈ গৈছিল ৷ এতিয়া শান্তি ঘূৰি আহিল আৰু বিজেপি থাকিলে শান্তিৰ লগতে উন্নয়নো আহিব ।
লোকে লোকাৰণ্য হোৱা সভাখনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সভাথলীৰ পৰাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ শ্ৰদ্ধা যাঁছে। সভাত মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনাই দিল্লী,দিছপুৰত বিজেপিৰ চৰকাৰ আছে বুলি সদৰি কৰি বিটিআৰতো বিজেপিৰ চৰকাৰ হলে অঞ্চলটোত সকলোৰে মাজত শান্তি বিৰাজ কৰাৰ লগতে অঞ্চলটোত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হব বুলি মন্তব্য কৰিছে ৷
ইপিনে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কোকৰাঝাৰ ভ্ৰমনৰ পূৰ্বে তেওঁ বিটিচিৰ ওদালগুৰি,তামুলপুৰ,বাগছা আৰু চিৰাং পৰিভ্ৰমণ কৰিছিল। বিজেপিৰ প্ৰতি ৰাইজৰ বিপুল উৎসাহ , সভাসমুহত ৰাইজৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰা বুলি মন্তব্য কৰিছে ৷ সেয়ে আজিৰ তাৰিখত নিৰ্বাচন হলে তেওঁ পৰিভ্ৰমন কৰা সকলো সমষ্টিতে জিকিব আৰু বৰ্তমানলৈকে তেওঁ ১২ টা সমষ্টি পৰিভ্ৰমন কৰা বুলি সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত সদৰি কৰিছে ।
তেওঁ কয়- আমি কাৰো বিৰুদ্ধে নহয় আৰু বিটিআৰত আমাৰ কোনো শত্ৰুও নাই ৷ বিটিআৰত আমি মৰমেৰে নিৰ্বাচন খেলিম ৷ মৰমৰ বান্ধোন বিপিএফ নে ইউপিপিএলৰ প্ৰতি থাকিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত কয় যে বিটিআৰবাসীয়ে কোন দলক বেছি আসন দি মৰম কৰে সেয়া নিৰ্বাচনৰ পিছত গম পোৱা যাব । অহা ২১ আগষ্টত বিটিআৰত কিমানটা সমষ্টিত নিৰ্বাচন খেলিম সেয়া সিদ্ধান্ত লোৱা হ'ব। অহা ছেপ্তেন্বৰ মাহৰ দুৰ্গাপূজাৰ পূৰ্বেই বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হব আৰু ভোটগণনাও দুৰ্গাপূজাৰ পূৰ্বেই সম্পন্ন কৰা হব বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে ৷
ইপিনে সাংবাদিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে দিলীপ শইকীয়াক মিছ ক’ড কৰা হৈছে৷ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত গঠিত বিটিচি আৰু ট্ৰাইবেল বেল্ট আৰু ব্লক সংৰক্ষিত হব লাগে ৷ বিজেপি সদায় ট্ৰাইবেল বেল্ট এণ্ড ব্লক সমৰ্থন কৰি আহিছে ৷ ষষ্ঠ অনুসূচী অটল বিহাৰী বাজপেয়ী বনাইছিল ৷ বিগত চাৰে চাৰি/ পাঁচ বছৰ ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্ল’ক সফল হোৱাৰ বাবেই কাম কৰি অহা থকা বুলি উল্লেখ কৰি অন্যান্য জনগোষ্ঠী সকলেও মাটিৰ অধিকাৰ পাব লাগে বুলি মন্তব্য কৰে ৷
গতিকে দিলীপ শইকীয়াই কোৱা কথাখিনিক লৈ ৰাজনীতি কৰা উচিত নহয় বুলি সদৰি কৰি জনজাতি ৰাইজৰ লগত বিজেপি সদায় আছে এই কথা সৰ্বজন বিদিত বুলি উল্লেখ কৰি ইয়াত বিতৰ্কৰ কোনো স্থান নাই বুলি কয় ৷ বৰ্তমান বিজেপিয়ে ইউপিপিএল বা বিপিএফ কাৰো বিৰুদ্ধে মন্তব্য নকৰে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও একো নকয় ইউপিপিএল মিত্ৰজোঁটৰ বিৰুদ্ধেও একো নকয় বুলি মন্তব্য কৰি প্ৰমোদ বড়ো, ইউ জি ব্ৰ্হ্ম আমাৰ সতীৰ্থ তেওঁলোকৰ বিৰুদ্ধেও এটা শব্দও একো নকয় বুলি স্পষ্টকৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।
ডিমাহাচাও, কাৰ্বিআংলং বিজেপিয়ে দখল কৰাৰ পাছত এইবাৰ বিটিআৰ লক্ষ্য হিচাপে লৈছে নেকি সোধা উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ডিমাহাচাও, কাৰ্বিআংলংৰ সমস্যা বেলেগ আৰু বিটিআৰৰ সমস্যা বেলেগ ৷ গতিকে তেনেকুৱা কোনো কথা নাই বুলি উল্লেখ কৰি বিটিআৰত বিজেপি দল থাকিলেহে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিব,,বিজেপি যদি নাথাকে সকলোৱে একেলগে বান্ধ খাই নাথাকে৷ সেইকাৰণে বিজেপি দল থকাটো বাঞ্ছনীয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
ইপিনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ পুৰণি বজাৰত অনুষ্ঠিত আন এখন বিজয় সংকল্প সভাতো অংশগ্ৰহণ কৰে ৷ ফকিৰাগ্ৰামত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীয়ে মূষলধাৰ বৰষুণৰ মাজত তিতিবুৰি ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায় ৷ মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে দিল্লী-দিছপুৰত বিজেপিৰ চৰকাৰ আৰু এইবাৰ বিটিচিত বিজেপিৰ চুনামি আহিব । আমি যদি হাগ্ৰামা মহিলাৰীৰ সতে মিত্ৰতা কৰি ১০ খন আসন বিচাৰিলোহেতেন তেনেহলে পালোহেতেন , প্ৰমোদ বড়োৰ সতে মিত্ৰতা কৰিলে ১২ খন আসন পালোহেতেন কিন্তু আমি এইবাৰ অকলে খেলিম আৰু বিটিচিত চুনামি আহিব ।
দিল্লী দিছপুৰৰ চাকৰিৰ ওপৰত যেনেকৈ ৰাইজৰ বিশ্বাস আছে অনুৰূপ ধৰণে কোকৰাঝাৰৰ চাকৰিৰ ওপৰতো সকলোৰে বিশ্বাস থাকিব লাগিব ৷ বিটিআৰত সকলোৱে সম অধিকাৰ পাবই লাগিব বুলি সদৰি কৰি বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক থাকিব আৰু সকলোৱে মাটিৰ অধিকাৰ পাব লাগিব ৷ ৰ’দ হওঁক নতুবা বৰষুণ হওঁক বিজেপিক এইবাৰ জিকাইহে এৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ সাংবাদিকৰ আগত আজিৰ বৰষুণ বিজেপিৰ বাবে পুষ্পবৃষ্টি বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।
মনকৰিবলগীয়া এয়ে যে ৰাজনৈতিক সভাথলীৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত শান্তি অনা আমাৰ প্ৰাথমিক দায়িত্ব আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হোৱাৰ পিছত বড়োলেণ্ডত এটাও বন্দুকৰ গুলী ফুটা নাই আৰু এজনৰো মৃত্যু হোৱা নাই বুলি ব্যক্ত কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে কয় যেতিয়া বিটিআৰত সকলো মানুহে মাটিৰ মৰম বিচাৰি পাব সিদিনাই বিটিআৰক জননী জন্মভূমি বুলি কব পাৰিব ৷ মুখ্যমন্ত্ৰীয়ে পদুমৰ চিহ্নত ভোট দিবলৈ আহবান জনাই পদুম জিকিলে শান্তিও আহিব আৰু প্ৰগতিও আহিব বুলি মন্তব্য কৰে ৷
আজিৰ বিজয় সংকল্প সভাত মন্ত্ৰী অশোক সিংহল,বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, বিটিআৰ ইএম অৰূপ কুমাৰ দে,সজল সিংহ, এমচিএলএ ৰাজীৱ কুমাৰ ব্ৰহ্মকে ধৰি বিজেপিৰ আন বহু কাৰ্যকৰ্তা উপস্থিত থাকে ৷ লক্ষণীয় যে আজি দুয়োখন সভাই জনসমুদ্ৰত পৰিণত হয়। বিশেষলৈ ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা সভাখনত প্ৰচণ্ড বৰষুণৰ মাজত মুখ্যমন্ত্ৰীয়ে তিতিবুৰি ভাষন দিয়াৰ লগতে জনতাৰ সতে চেলফী , বাৰ্তালাপো কৰে ।