কোকৰাঝাৰত অৰুণোদয় ৩.০ ৰ আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী অজন্তা নেওগ,মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি বহু বিশিষ্ট লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰণোদয় ৩.০ৰ আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ সদৰ চহৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ বাবে অৰুণোদয় ৩.০ৰ আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰে। গ্ৰীণ ফিল্ডত আয়োজিত হোৱা এক বিশাল সভাৰ জৰিয়তে তথা বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী অজন্তা নেওগ,মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি বহু বিশিষ্ট লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰণোদয় ৩.০ৰ আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰে। 

40d4dc45-bf48-41d6-87a5-3d0aa75216d6

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে, অৰণোদয় ৩.০ আঁচনিৰ যোগেদি বিটিআৰত সৰ্বমুঠ ৪ লাখ ১২ হেজাৰ ৬৮৭ জন হিতাধিকাৰী উপকৃত হ'ব আৰু অকল কোকৰাঝাৰ জিলাতে ১ লাখ ২০ হেজাৰ ৮৫৪ জন হিতাধিকাৰী উপকৃত হ'ব । হিতাধিকাৰীৰ বেংক একাউণ্টত  প্ৰত্যক্ষভাবে আঁচনিৰ ধন হস্তান্তৰ হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে- অসমৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণ আঁচনি অৰুণোদয় ৩.০ হিতাধিকাৰীক  বৃহৎ সকাহ দিছে। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি মতেই দৰিদ্ৰ মহিলাক ডিচেম্বৰ মাহৰ অৰুণোদয়ৰ ধন প্ৰদানৰ উপৰি ১৩ আৰু ১৭ তাৰিখত লাখপতি বাইদেউসকলক দহ হাজাৰ টকাৰ দিয়া হ’ব বুলি ঘোষণা কৰে।

4398a839-dbb3-4b2e-93ed-45508200ac79

আনহাতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ অনুৰোধ মৰ্মে ৫০ হাজাৰ হিতাধিকাৰী বঢ়াই সৰ্বমুঠ ৪ লাখ ৫০ হাজাৰ মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে । লগতে কয় যে, হিতাধিকাৰী সকলে প্ৰতি মাহৰ দহ তাৰিখে ১,২৫০ টকা, প্ৰধানমন্ত্ৰীৰ পাঁচ কেজিকৈ বিনামূলীয়া চাউল, আৰু ১১৭ টকাত চেনী, দাইল আৰু নিমখ পাই আছে৷ কিন্তু অহা ১ জানুৱাৰীৰ পৰা এশ টকাত চেনী, দাইল আৰু নিমখ পোৱাৰ ব্যৱস্থা কৰা হ'ব আৰু এতিয়াৰে পৰা মহিলাসক আৰু কাৰো ওচৰত হাত পাতিব নালাগে ৷

4a01c18a-c17a-488e-989d-68511f17dac4

আগতে দুখীয়া দৰিদ্ৰই এনে আঁচনি লাভ কৰা নাছিল কিন্তু এতিয়া উপযুক্ত হিতাধিকাৰীয়ে আঁচনি লাভ কৰে আৰু কাইলৈ অৰ্থাৎ ১৩ ডিচেম্বৰত গোসাঁইগাওঁত আৰু অহা ১৭ ডিচেম্বৰত দোতমাত পুনৰ লাখপতি বাইদেউ সকলক দহ হাজাৰ টকা বিতৰণ কৰা হ'ব। ইমান দিনে নিযুত মইনা আঁচনিৰে ছোৱালী সকলৰ বাবে পঢ়াৰ খৰচৰ ব্যৱস্থা কৰিছে আৰু অহা জানুৱাৰী মাহত বাবু আঁচনি আহিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইমানেই নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰ