গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি কোকৰাঝাৰত মকড্ৰিল অনুষ্ঠিত

আজি সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কোকৰাঝাৰতো আৰম্ভ হয় মকড্ৰিল। জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত অংশ লয় জিলা আয়ুক্ত মাচান্দা পাৰ্টিন।

author-image
Asomiya Pratidin
New Update
xxvcv

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ লগে লগে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ ২৪৪খন জিলাত ৭ মে’ ২০২৫ত নাগৰিক সুৰক্ষাৰ খাতিৰত মক ড্ৰিল পৰিচালনাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশ অনুসৰি আজি সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কোকৰাঝাৰতো আৰম্ভ হয় মকড্ৰিল।

Advertisment

জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত অংশ লয় জিলা আয়ুক্ত মাচান্দা পাৰ্টিন। মকড্ৰিল অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয় যে, কোকৰাঝাৰ হ'ল গ্ৰুপ চি কেটেগৰীৰ জিলা । আমি সকলো সময়তে সাজু আছো। সন্ধিয়া ব্লেকআউট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । 

মকড্ৰিল