/asomiyapratidin/media/media_files/2026/01/20/sedwdsdsds-2026-01-20-08-42-19.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ কাৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৌৰিনগৰ অঞ্চলত সোমবাৰে নিশা প্ৰায় ৭:৩০ বজাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। তথ্য অনুসাৰি, এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হোৱা সংঘৰ্ষই পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। এই সংঘৰ্ষত এজন লোক নিহত হয়।
নিহত লোকজন বগৰীবাৰী ৰূপচী এলেকাৰ বাসিন্দা ইচকিৰা বিস্মিত বুলি চিনাক্ত কৰা হৈছে। আনহাতে এই ঘটনাত কাৰিগাঁওৰ মহেশ মুৰ্মু, সুনীল মুৰ্মু আৰু অণ্ঠাইগাঁও এলেকাৰ যোগীৰাজ ব্ৰহ্ম গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহত চাৰিজনক ততালিকে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, এখন স্কৰপিঅ’ বাহনে প্ৰথমে দুজন লোকক খুন্দা মৰাৰ পিছতে উত্তেজনাময় পৰিস্থিতিৰ সূচনা হয়। উত্তেজিত লোকে ঘটনাস্থলীত থকা এখন স্কৰপিঅ’ বাহন জ্বলাই দিয়ে। বৰ্তমানলৈকে এই সংঘৰ্ষৰ সঠিক কাৰণ স্পষ্ট হোৱা নাই আৰু ঘটনাটোক কেন্দ্ৰ কৰি এতিয়াও ৰহস্য অব্যাহত আছে।
ইফালে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। বাতৰি লিখা পৰলৈকে এলেকাটোত উত্তেজনা অব্যাহত আছে আৰু অধিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us