/asomiyapratidin/media/media_files/2025/12/27/vdvcvcv-2025-12-27-20-24-40.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ডিয়াঝিজৰীৰ তাৰং নৈৰ পাৰত ২৮ ডিচেম্বৰৰ পৰা এঘাৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কামতা মিউজিক ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণ। এই উপলক্ষে তাৰং নৈৰ পাৰত আয়োজক সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
এই কামতা মিউজিক ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণৰ কাৰ্যসূচী কাইলৈ দিনৰ ১০ বজাত পতাকা উত্তোলনেৰে শুভাৰাম্ভ কৰা হ'ব। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাত কমতাপুৰ কোচ ৰাজবংশী আৰ্টিষ্ট ছছাইটিৰ পতাকা উত্তোলন কৰিব সংগঠনটোৰ সভাপতি শ্ৰীমন্ত মণ্ডলে। ইয়াৰ পিছতেই চতুৰ্থ কমতা মিউজিক ফেষ্টিভেলৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি হেমন্ত কুমাৰ বৰ্মনে। আনহাতে কোচ ৰাজবংশীৰ পৰম্পৰাগত পতাকা উত্তোলন কৰিব ডিয়াঝিজৰী গাঁৱৰ গাঁওবুঢ়া ললিত ৰায়ে।
ৰাতিপুৱা ১০:৩০ বজাত বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে বন্তি প্ৰজ্বলন কৰিব আৰু ইয়াৰ পিছতেই বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰাম্ভ কৰিব অভ্যৰ্থনা সমিতিৰ উপদেষ্ঠা অবিৰাম ৰায়ে। একেদৰে বিয়লি ৩:০০ বজাত দিলীপ ৰায় , ধনজিৎ বৰ্মন আৰু তেওঁলোকৰ টীমে কুশান নৃত্য পৰিৱেশন কৰিব । সন্ধিয়া ৫:০০ বজাত শ্ৰীমন্ত মণ্ডল আৰু হিমিকা দেৱীয়ে গীতৰ শৰাই আগবঢ়াব । সন্ধিয়া ৭:০০ বজাত বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব। সন্ধিয়া ৭:৩০ বজাত লোকগীত পৰিৱেশন কৰিব কোচ ৰাজবংশীৰ খ্যাতনামা শিল্পী জয়মতী ৰায়ে। আনহাতে নিশা ৮:০০ বজাৰ পৰা আৰম্ভ হ'ব "মেগা মিউজিকেল ইভেণ্ট " আৰু উক্ত "মেগা মিউজিকেল ইভেণ্ট"ত গীত পৰিবেশন কৰিব ইণ্ডিয়ান আইডল বিজয়ী পৱনদ্বীপ ৰাজনে।
উল্লেখ্য যে, ২৮ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ এঘাৰ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কামতা মিউজিক ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণত প্ৰতিদিনেই নিত্য নতুন কাৰ্যসূচী পৰিবেশন হ'ব। ২৯ ডিচেম্বৰত হুদুম নৃত্য , ৩০ ডিচেম্বৰত বাশ নৃত্য আৰু গাৰো লোকনৃত্য, ৩১ ডিচেম্বৰত কাৰ্তিকা নৃত্য আৰু ঝুমুৰ পৰিৱেশন, ১ জানুৱাৰীত ৫০০০ মহিলা শিল্পীৰ দ্বাৰা লোকনৃত্য প্ৰদৰ্শন, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান , ২ জানুৱাৰীত বিহু নৃত্য প্ৰদৰ্শন , বড়ো লোকনৃত্য প্ৰদৰ্শন , ৩ জানুৱাৰীত ফেশ্বন শ্বো , আদিবাসী লোকনৃত্য প্ৰদৰ্শন , ৪ জানুৱাৰীত সম্বৰ্ধনা অনুষ্ঠান, ৫ জানুৱাৰীত ৰাভা লোকনৃত্য প্ৰদৰ্শন , ৬ জানুৱাৰীত বেংগলী লোকনৃত্য প্ৰদৰ্শন আৰু ৭ জানুৱাৰীত দেশী ঢোল পৰিৱেশন কাৰ্যসূচী ৰূপায়িত হ'ব ।
ইপিনে উক্ত এঘাৰ দিনীয়া কাৰ্যসূচীত একাদিক্ৰমে শিল্পী পৱনদ্বীপ ৰাজন , সাৰেগামা খ্যাত নিলঞ্জনা ৰায়, ইলিছা বড়ো, মানস ৰবীন , মাধৱ বৰা(জুনিয়ৰ জুবিন) , ফুকন বড়ো, সাৰেগামাৰ ৰাণাৰ্ছ আপ বিদিশা হাতিমুৰীয়া, নাহিদ আফ্ৰিন , মানসী চহৰীয়াৰ লগতে আন কেবাগৰাকী শিল্পীয়ে তেওঁলোকৰ নিজা অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰোপৰি কামতা মিউজিক ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণত হৰ্ছ ৰাইডিং , ইলিফেণ্ট ৰাইডিং, থলুৱা খাদ্য সম্ভাৰ থাকিব বুলি আয়োজক সমিতিয়ে জনাইছে।
আনহাতে কামতা মিউজিক ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণত হাগ্ৰামা মহিলাৰীৰ উপৰিও মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন , মুখ্য কাৰ্যবাহী জীৱেশ ৰায়, বিটিচিৰ মনোনিত সদস্য ক্ৰমে হেমপ্ৰভা দেৱী আৰু কৰ্মেশ্বৰ ৰায়, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী দূৰ্গা হাসদা, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ধীৰাজ বৰগয়াৰী, ৰবিৰাম নাৰ্জাৰী , বিধায়ক হেমাংগ ঠাকুৰীয়া, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ন দেৱ আদিকে ধৰি আন কেবাগৰাকী ৰাজনৈতিক নেতাই উপস্থিত থাকি বিভিন্ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-27-20-25-23.jpeg)
ইফালে, আমন্ত্ৰিত অতিথি হিচাপে প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে মুনমুন ব্ৰহ্ম, প্ৰকাশ বসুমতাৰী, মৃত্যুঞ্জয় নাৰ্জাৰী , পানীৰাম ব্ৰহ্ম , লৌমশ্ৰাও দৈমাৰী , কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়, সদস্য মুকুল ৰায় আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট নেতা উপস্থিত থাকিব । তদুপৰি কোচ ৰাজবংশী কালচাৰেল ছছাইটি , কোচ ৰাজবংশী সাহিত্য সভা, আক্ৰাছু, এবিএমছু , এবছু, আছা, নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি / সম্পাদক উপস্থিত থাকিব ।
ইপিনে কামতা মিউজিক ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ বৰ্মন , কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজৰ সভাপতি শ্ৰীমন্ত মণ্ডল আৰু সম্পাদক ডি কোচে সমুহ ৰাইজক দলে বলে যোগদান কৰি অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু স্থানীয় ৰাইজে অকুণ্ঠ সহযোগ আগবঢ়াইছে। কমতা মিউজিক ফেষ্টিভেলক লৈ সমগ্ৰ অঞ্চলটোত উথপ-থপ পৰিৱেশৰ সৃষ্টি হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us