/asomiyapratidin/media/media_files/2026/01/22/hiusasuaosa-2026-01-22-23-16-14.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও কাণ্ডৰ আঁত ধৰি জিলাখনত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ ফলত জনজীৱনত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। ডিজিটেল যুগত ইণ্টাৰনেট অপৰিহাৰ্য সেৱা হোৱাৰ পিছতো এটা ঘটনাৰ আলম লৈ দীঘলীয়া সময়ৰ বাবে ইণ্টাৰনেট কৰ্তন কৰাত জিলাবাসীয়ে কঠিন দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনা, অনলাইন পাঠদান আৰু পৰীক্ষাসমূহত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছে।
ইণ্টাৰনেট সেৱা বন্ধ থকাৰ ফলত ইউপিআই লেনদেন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ইয়াৰ ফলত বজাৰসমূহত ব্যৱসায়-বাণিজ্য প্ৰায় স্থবিৰ হৈ পৰিছে। কোকৰাঝাৰ সদৰ চহৰৰ কেইবাটাও এটিএমত ধন নথকাত জনসাধাৰণ অধিক বিপাঙত পৰিছে। এটিএমৰ পৰা এটিএমলৈ ঘূৰিও বহু লোকে ধন উলিয়াব নোৱাৰি বিফল মনোৰথে উভতি যাবলগীয়া হৈছে। এই পৰিস্থিতিৰ মাজতে অতি শীঘ্ৰে কৰ্তন কৰা ইণ্টাৰনেট সেৱা পুনৰ “ৰি ষ্টৰ” কৰিবলৈ সকলো শ্ৰেণীৰ নাগৰিকে চৰকাৰলৈ আহ্বান জনাইছে।
ইফালে, কাৰিগাঁওৰ গৌৰীনগৰত যোৱা ১৯ জানুৱাৰীত সংঘটিত হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে আটক কৰা ১৯গৰাকী লোক সম্প্ৰতি নিৰাপত্তাৰ খাতিৰত ধুবুৰী জেলত ৰখা হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সন্দৰ্ভত এক গোচৰ (নং ১২/২০২৬) ৰুজু কৰি বিএনএছৰ অধীনত ১০৩(২), ১০৯(২), ১১৭(৪), ১১৮(২) আৰু ১৮৯(২) ধাৰাত মামলা ৰুজু কৰা হৈছে।
আনহাতে, কাৰিগাঁও কাণ্ডত নিহত হোৱা চিকনা জৌহৌলাও বিস্মিত ওৰফে ৰাজা বসুমতাৰী আৰু সুনীল মুৰ্মুৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এককালীন ৫ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি প্ৰশাসনে সদৰি কৰিছে। নিহত দুজনৰ পৰিয়ালক পাঁচ লাখকৈ আৰু আহত হোৱা চাৰিজন ব্যক্তিক এক লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। লগতে ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হোৱা ৪২টা পৰিয়ালক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। নিহত চিকনা জৌহৌলাও বিস্মিতৰ পত্নী দৈমুতী বসুমতাৰীক আৰু সুনীল মুৰ্মুৰ পিতৃ ফাটে মুৰ্মুক কাইলৈ আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।
একেদৰে, জিলা আয়ুক্তই লগতে জানিবলৈ দিয়ে যে, জিলাখনত চৰকাৰীভাৱে স্থাপন কৰা পাঁচটা আশ্ৰয় শিবিৰৰ ভিতৰত ইতিমধ্যে তিনিটা শিবিৰ বন্ধ কৰা হৈছে। বেয়াকৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহকো অতি শীঘ্ৰে ঘৰলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব। আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উভতি যোৱা লোকসকলৰ সুৰক্ষাৰ বাবে উত্তেজনাপূৰ্ণ এলেকাসমূহত অস্থায়ী আৰক্ষী শিবিৰ স্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে, নিৰাপত্তা অবিহনে ঘৰলৈ কেনেদৰে উভতি যাব পাৰি বুলি আশ্ৰয় শিবিৰত থকা লোকসকলে উদ্বেগ প্ৰকাশ কৰিছে।
ইফালে, চলিত বছৰৰ সৰস্বতী পূজাক লৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে। যোৱা দিনটোত হাট-বজাৰ বন্ধ থকাৰ লগতে আজি ইউপিআই সেৱা অচল আৰু এটিএমত ধন নথকাৰ ফলত পূজাৰ বজাৰ সম্পূৰ্ণৰূপে মন্দা হৈ পৰে। বহু বিদ্যালয়ে এইবাৰ পূৰ্বৰ দৰে উলহ-মালহেৰে নহয়, অতি সাধাৰণভাৱে সৰস্বতী পূজা পাতিব বুলি জানিব পৰা গৈছে।
নিৰাপত্তাৰ দিশত, যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ জিলাখনৰ স্পৰ্শকাতৰ এলেকাসমূহত ব্যাপক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। মূল পথসমূহত বেৰিকেড স্থাপন কৰি চেকিং আৰু টহল বৃদ্ধি কৰা হৈছে। যোৱা দুদিনৰ অচলাৱস্থাৰ পিছত বৰ্তমান কোকৰাঝাৰত ধীৰে ধীৰে স্বাভাৱিকতা ঘূৰি আহিছে। আজি হাট-বজাৰ খোলা হৈছে যদিও পৰিস্থিতিৰ ওপৰত প্ৰশাসনে কঢ়া নজৰ ৰাখিছে।
অৱশ্যে আশ্ৰয় শিবিৰসমূহত আজিও অবৰ্ণনীয় পৰিস্থিতি বিদ্যমান বুলি অভিযোগ উত্থাপন হৈছে। শিশুখাদ্য, ৰন্ধন সামগ্ৰী, ইন্ধন, কাপোৰ আৰু টাৰ্পলিনৰ অভাৱত আশ্ৰয় শিবিৰৰ লোকসকল বিপাঙত পৰিছে। এই কঠিন সময়ত যুৱ বিপিএফে আশ্ৰয় শিবিৰসমূহত কিছু খাদ্য সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়োৱাত ভুক্তভোগী লোকসকলে কৃতজ্ঞতা প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us