/asomiyapratidin/media/media_files/2025/11/29/whatsapp-image-2025-11-29-17-23-09.jpeg)
ডিজিটেল ডেস্কঃ প্ৰতিবাদমুখী হৈ পৰিছে কোকৰাঝাৰ । বিটিচি সচিবালয়ত প্ৰৱেশ কৰি আচবাব লণ্ড ভণ্ড কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে। পৰিস্থিতি ইমানেই ভয়াৱহ যে প্ৰয়োজন হ'লে হাগ্ৰামা মহিলাৰীৰ ঘৰত গৈ প্ৰতিবাদ সাব্যস্ত কৰিব ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে।
দৰাচলতে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা মন্ত্রী গোটে বিধানসভাত প্রতিবেদন দাখিল কৰিছিল।কিন্তু বিধেয়ক গৃহীত নোহোৱাৰ ফলত ক্ষুব্ধ হৈ পৰে বড়েলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰীয়ে বিটিচি সচিবালয়ত প্ৰৱেশ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
উল্লেখ্য যে প্ৰতিবাদকাৰীয়ে হাগ্ৰামা মহিলাৰী হুচিয়াৰ ধ্বনিৰে বিটিচি সচিবালয়ৰ চৌহদ উত্তাল কৰি তোলে । ইপিনে মুখ্যমন্ত্ৰী, ৰণোজ পেগু আৰু ইউ জি ব্ৰহ্মৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে।
কেৱল ইমানতে শান্ত নাথাকি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বিটিচি সচিবালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীয়ে হাগ্ৰামা মহিলাৰীৰ ঘৰত গৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us