/asomiyapratidin/media/media_files/2025/11/05/1-2025-11-05-19-32-14.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ অইন প্ৰান্তৰ লগতে কোকৰাঝাৰতো আজি ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ চতুদৰ্শ মৃত্যুবাৰ্ষিকী উপলক্ষে কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত আজি বিয়লি ৪ বজাত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয় ,মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু সাধাৰণ জনতা উপস্থিত থাকে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-image-2025-11-05-19-36-29.jpeg)
তদুপৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম,বিধায়ক লৰেন্স ইছলাৰী,জিলা আয়ুক্ত মাছান্দা এম পাৰ্টিন, জিলা আৰক্ষী অধীক্ষক নুমাল মাহাটা আদিকে ধৰি আন বহু বিশিষ্টই অংশগ্ৰহণ কৰে। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পাঁচ হেজাৰ ছাত্ৰ-ছাত্ৰী, সাধাৰণ জনতাই মানৱ শৃংখল গঢ়ি তুলি ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানহে মানুহৰ বাবে… পৰিবেশন কৰে ৷
ইপিনে ৰাজনীতিৰ বিভেদ পাহৰি বিপিএফৰ মূৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী- ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি তথা কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম - ইউপিপিএলৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ইজনে সিজনৰ হাতে হাত ধৰি ভূপেন হাজৰিকাৰ কালজয়ী গীত মানহে মানুহৰ বাবে…গায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-image-202-2025-11-05-19-36-46.jpeg)
ইপিনে হাগ্ৰামা মহিলাৰীয়ে ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজীক অপূৰ্ব আখ্যা দি বিটিচি চৰকাৰে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ্থে কাম কৰি যাব বুলি মন্তব্য কৰিছে ৷ তদুপৰি অসমৰ জিলাই জিলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷
ড° হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে যি কাম কৰিছে পূৰ্বে কোনেও কৰা নাই বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিধায়ক লৰেন্স ইছলাৰীয়ে ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীক প্ৰশংসা কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-image-2025-11-05-19-37-05.jpeg)
কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত আজি সকলোৱে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে…গোৱাৰ সময়ত হাগ্ৰামা মহিলাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিধায়ক লৰেন্স ইছলাৰীয়ে হাতে হাত ধৰি ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে..."গাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমাজলৈও এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-imag-2025-11-05-19-37-22.jpeg)
ইপিনে আজিৰ অনুষ্ঠানতে ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১৩ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা ড° ভূপেন হাজৰিকা ১০০ টকীয়া স্মাৰক মুদ্ৰা আজি কোকৰাঝাৰত দুই বিশিষ্ট ব্যক্তি ক্ৰমে পদ্মশ্ৰী ড° মংগলসিং হাজোৱাৰী আৰু এবছুৰ সভাপতি দ্বীপেন বড়োক প্ৰদান কৰা হয় । উক্ত স্মাৰক মুদ্ৰা আনুষ্ঠানিকভাৱে প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us