/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-14-54-18.jpeg)
ডিজিটেল ডেস্কঃ সোমবাৰে সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত কৰে । যাৰ বাবে পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে।
উল্লেখ্য যে কোকৰাঝাৰত সংঘটিত ভয়ানক কাণ্ডক লৈ ভিতৰি ভিতৰি চেপা উত্তেজনাই বিৰাজ কৰি আছে । ঘটনাক লৈ কাৰিগাঁও থানাৰ সন্মুখৰ পথত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। কাৰিগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে উত্তেজিত ৰাইজে । আনহাতে, বীৰছা কমাণ্ডো ফ'ৰ্চৰ দুটাকৈ অস্থায়ী শিবিৰ জ্বলাই দিয়ে উত্তেজিত ৰাইজে । পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীৰ গুলীচালনা আৰু লাঠীচালনা কৰা পৰিলক্ষিত হয়। প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ কন্দুৱা গেছৰো প্রয়োগ কৰে। গণপ্ৰহাৰত এই পৰ্যন্ত দুজনকৈ লোকৰ মৃত্যু হৈছে । ঘটনাত আঘাতপ্রাপ্ত হৈছে কেইবাজনো লোক। আৰক্ষীলৈও শিলগুটি নিক্ষেপ কৰে প্রতিবাদকাৰীসকলে। কেইবাজনো আঘাতপ্রাপ্ত আৰক্ষীক চিকিৎসাালয়লৈ প্রেৰণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-14-55-00.jpeg)
ডাভোছৰ পৰাই কোকৰাঝাৰৰ পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সকলোকে শান্তি-শৃংখলা বৰ্তাই ৰখাৰ আহ্বান জনাইছে। ইপিনে DGP হৰমীত সিঙৰে টেলিফোনযোগে বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাস্থলীলৈ ৰেপিড এক্সন ফ'ৰ্চৰ দুটাকৈ কোম্পানী প্রেৰণ কৰিছে বুলিও জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে IGP বিবেকৰাজ সিং। কাৰিগাঁৱৰ অগ্নিগর্ভা পৰিস্থিতিৰ বাবে কোকৰাঝাৰত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-2026-01-20-14-55-15.jpeg)
আনফালে এতিয়ালৈকে গণপ্ৰহাৰৰ ঘটনাত জড়িত ২৯জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ পাছতে উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। ইপিনে কোকৰাঝাৰৰ ঘটনাক তীব্ৰ গৰিহণা প্ৰদান কৰিছে এবছুৰ। দোষীৰ কঠোৰ শাস্তিৰ দাবী এবছুৰ সভাপতি দ্বীপেন বড়োৰ। সংবাদমেলযোগে ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে গণপ্ৰহাৰত নিহতৰ ন্যায়ৰ দাবী জনাইছে দ্বীপেন বড়োৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2-2026-01-20-14-55-29.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us