/asomiyapratidin/media/media_files/2025/09/27/web-ap-btc-2025-09-27-21-13-07.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনত শাসকীয় ইউপিপিএল-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছতে শনিবাৰে কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত বিপিএফ দলৰ নীতি-নিৰ্ধাৰক সমিতিৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলটোৰ কেন্দ্ৰীয় নীতি-নিৰ্ধাৰক সমিতিৰ সদস্যসকলৰ লগতে ২৮ গৰাকী বিজয়ী প্ৰাৰ্থীয়েও অংশগ্ৰহণ কৰে।
বিটআৰত চৰকাৰ গঠন সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ উদ্দেশ্য অনুষ্ঠিত এই বৈঠকৰ অন্তত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এখন সংবাদমেল সম্বোধন কৰে। হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ ২৮ গৰাকীকৈ প্ৰাৰ্থীয়ে ঐতিহাসিক বিজয়ৰ বাবে সকলো পক্ষলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পিছতে হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশত সংবাদমেলত বিপিএফৰ উপ -সভাপতি শুদ্ধ বসুমতাৰীয়ে আজিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে গৃহীত প্ৰস্তাৱসমূহৰ বিষয়ে অৱগত কৰে।
বসুমতাৰীয়ে জনোৱা মতে আজিৰ বৈঠকৰ পূৰ্বে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। মৌন প্ৰাৰ্থনাৰ অন্তত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ৩ অক্টোবৰৰ শপত গ্ৰহণৰ সম্ভাৱনা আছে। এই শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে দোতমাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক দলৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। আজিৰ বৈঠকত দলে বৃহৎ জয়ৰ বাবে সমগ্ৰ বিটিচিবাসীৰ লগতে বিপিএফ দলৰ সমূহ কৰ্মীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
বৈঠকত হাগ্ৰামা মহিলাৰী সৰ্বসন্মতিক্ৰমে বিটিচি পৰিষদৰ বিপিএফ দলৰ নেতা হিচাপে নিৰ্বাচিত হয়। একেদৰে ৰিহন দৈমাৰী উপ-দলপতি হিচাপে নিৰ্বাচিত হয়। আনহাতে, দেৰহাছাৎ বসুমতাৰী দলৰ চীফ ইলেকশ্যন হুইপ আৰু মহেশ্বৰ বসুমতাৰীক বিপিএফ লেছিছলেটিভ পাৰ্টীৰ সচিব হিচাপে বৈঠকে নিৰ্বাচিত কৰে। সংবাদমেলত সদৰী কৰা অনুযায়ী বিটিচিৰ চৰকাৰ গঠন সম্পৰ্কে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ বিজয়ী প্ৰাৰ্থীসকলে অহাকালি অৰ্থাৎ ২৮ ছেপ্টেম্বৰত ৰাজ্যপালক সাক্ষাৎ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰাৰ অন্তত অহা ৩ অক্টোবৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত কাৰ্যবাহী সদস্যসকলে শপত গ্ৰহণ কৰিব। এই শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
এই শপত গ্ৰহণ অনুষ্ঠানলৈ ত্ৰিপুৰাৰ নামধাৰী ৰজা প্ৰদ্যুৎ বিক্ৰম মাণিক্যক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ লগতে অসমৰ প্ৰতিখন স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী আৰু প্ৰতিটো ৰাজনৈতিক দলৰ মুৰব্বীসকলক আমন্ত্ৰণ জনোৱাৰ কথাও সদৰী কৰে শুদ্ধ বসুমতাৰীয়ে। ইফালে, সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে কাইলৈ অৰ্থাৎ ২৮ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিয়ে।
ইফালে, বিজেপি দলে সমৰ্থন দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা সন্দৰ্ভত সংবাদিকে প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীয়ে উক্ত ঘোষণাক আদৰণি জনাইছে বুলি মন্তব্য কৰে। কেৱল বিজেপি দলেই নহয়, নৱগঠিত বিটিচি চৰকাৰখনে যাতে সকলোকে সমানভাৱে আগুৱাই লৈ যাব পাৰে তাৰবাবে প্ৰতিটো ৰাজনৈতিক দলে সমৰ্থন কৰিলে আদৰণি জনাব বুলিও মন্তব্য কৰে বিপিএফ প্ৰধানগৰাকীয়ে। তেওঁ আৰু কয় যে ইস্তাহাৰত যিসমূহ ঘোষণা কৰা হৈছিল সেইধৰণে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ বিপিএফ দলে কাম কৰি যাব।
যি দলেই বিপিএফক সমৰ্থন বা সহায় কৰাৰ প্ৰস্তাৱ দিয়ে তেন্তে সকলোকে আদৰণি জনাব বুলি উল্লেখ কৰি তেওঁ কয়, ''যি দলেই আমাৰ অভাৱসমূহ পূৰণ কৰে সেই দলৰ লগতে আমি থাকিম। আজি যদি কংগ্ৰেছ দলে কয় যে বিটিচিৰ সমূহ জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নতিৰ হৈ কাম কৰাত সহায় কৰিব তেন্তে আমি কংগ্ৰেছ দলৰ লগত থাকিম। এতিয়া বিজেপিৰ চৰকাৰ আছে। যদি বিজেপিয়ে কয় যে তেওঁলোকে বিটিচিৰ সমূহ জাতি-জনগোষ্ঠীৰ উন্নতিৰ হৈ আমাক সহায় কৰিব তেতিয়া আমি বিজেপিৰ লগতো থাকিম।’’ ৰাইজে যিদৰে বিপিএফক সন্মান দি বৃহৎ বিজয়ৰ সোৱাদ দিছে ঠিক তেনেকৈ বিপিএফৰ চৰকাৰেও ৰাইজক সকলোখিনি দিবলৈ চেষ্টা চলাই যাব বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে।
আনহাতে সাংবাদিকৰ আন এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে যদিহে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে অহা তিনি অক্টোবৰত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ বাবে নিশ্চয়তা প্ৰদান কৰে তেনেহলে বিটিচি সচিবালয়ত তিনি অক্টোবৰত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ইফালে, যদিহে সিদিনাখন উপস্থিতিৰ নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে তেনেহলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে দিয়া সময় অনুসৰি শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব।
ইপিনে সাংবাদিকৰ আন এক প্ৰশ্নোত্তোৰত নৱগঠিত চৰকাৰে প্ৰথমে ভূমি পট্টা দিয়াৰ বাবে কাম কৰিব বুলি সদৰি কৰি নিৰ্বাচনী ইস্তাহাৰত থকা সকলো প্ৰতিশ্ৰুতিয়েই সম্পূৰ্ণৰূপে ৰূপায়ন কৰা হ'ব বুলি সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে। উল্লেখ্য যে, আজি বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত সহস্ৰাধিক সমৰ্থকে অতিথিশালাৰ বাহিৰত ভিৰ কৰে ।ইয়াৰোপৰি সমৰ্থক সকলে নিৰ্বাচিত ২৮ গৰাকী প্ৰতিনিধিকে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।