/asomiyapratidin/media/media_files/2025/12/16/gyhughugbyu-2025-12-16-11-30-47.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত সাময়িকভাৱে স্থগিত ৰখা হৈছে ৰে'লপথ অৱৰোধৰ কাৰ্যসূচী। জিলাখনৰ পুঠীয়াগাঁও লক্ষ্মী মন্দিৰৰ পৰা ৰে'লপথ অৱৰোধৰ প্ৰস্তুতি চলাইছিল কেএছডিচি, আক্ৰাছু , জিচিপিএ আৰু কেপিপিইউকে ধৰি আন কেবাটাও সংগঠনে।
উল্লেখযোগ্য যে, কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন, কোচ-ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতি আৰু কেএলঅ, কেএলঅ(কেএন)ৰ লগত দ্রুতি শান্তি চুক্তিৰ দাবীত আজি কেএছডিচি, আক্ৰাছু , জিচিপিএ আৰু কেপিপিইউকে ধৰি আৰু অন্যান্য কোচ-ৰাজবংশী সংগঠনৰ যৌথ উদ্যোগত ৰে'লপথ অৱৰোধ কাৰ্যসূচী হাতত লোৱা হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/captureyyuuiawhsuiahsiasu-2025-12-16-11-31-06.jpg)
৭ দিনৰ ভিতৰত গৃহ মন্ত্ৰালয়ৰ সতে আলোচনাৰ প্ৰতিশ্ৰুতি পোৱাত ৰে'ল অৱৰোধ সাময়িকভাৱে স্থগিত ৰখা হয় বুলি সংবাদমাধ্যমৰ আগত সদৰি কৰিছে নেৰ্তৃবৰ্গই। আনহাতে, ৭দিনৰ ভিতৰত আলোচনা অনুষ্ঠিত নহলে বা আলোচনা ভেকেভাওনা হলে জংগী আন্দোলনৰ হুংকাৰ আন্দোলনকাৰী নেৰ্তৃত্বৰ। ইফালে, আন্দোলনকাৰীসকলে পুঠীয়াগাঁও খেলপথাৰতে নিজ দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us