/asomiyapratidin/media/media_files/2025/11/04/ujjd-2025-11-04-22-53-56.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত ডাম্পাৰৰ দৌৰাত্মই জনতাক আতংকিত কৰি তুলিছে। কালি কোকৰাঝাৰ -বহলপুৰ পথৰ শিলজানত ডাম্পাৰৰ খুন্দাত দুজন যুৱকৰ মৃত্যু হোৱাৰ পিছত আজি সন্ধিয়া বালাজান তিনালীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত ৰূপেন ৰায়(৪৫)নামৰ এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয়। নিজ ঘৰৰ সন্মুখতে ডাম্পাৰে ৰূপেন ৰায়ক মহতিয়াই নি পিছত ডাম্পাৰখন তীব্ৰ বেগেৰে পলায়ন কৰে ।
উল্লেখ্য যে শ্ৰমিক ৰূপেন ৰায় নিজ ঘৰত সোমাবলৈ লওঁতেই বালাজান তিনালীৰ জে ডি পথত ডাম্পাৰখনে ৰূপেনক মহতিয়াই নিয়ে । ডাম্পাৰৰ খুন্দাত দুভৰি সম্পূৰ্ণৰূপে থেতেলা খাই টুকুৰা-টুকুৰ হৈ পৰা শ্ৰমিক ৰূপেন ৰায়ৰ অৱস্থা বৰ্তমান অতি সংকটজনক হোৱাত আহত ৰূপেন ৰায়ক বালাজান আৰক্ষীয়ে কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ত ভৰ্তি কৰায়।
শৰীৰৰ আন অংশতো আঘাত পোৱা ৰূপেন ৰায়ৰ অৱস্থা বাতৰি লিখা পৰলৈ অতি সংকটজনক হৈ পৰিছে ।উল্লেখ্য যে ৰূপেন ৰায় অবিবাহিত আছিল আৰু এটা ঘৰত তেওঁ অকলশৰে বসৱাস কৰিছিল । ইপিনে স্থানীয় জনতাই জিলাখনত ডাম্পাৰৰ দৌৰাত্ম নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us